টীয়ক, 21 জুন: ৰাজ্যত দুটাকৈ প্ৰলয়ংকৰী বানত ক্ষতিসাধন হোৱা ৰাজ্যৰ কৃষিখণ্ডৰ হিচাপ ৰাজহুৱা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই (Assam agriculture minister Atul Bora)। সোমবাৰলৈকে মন্ত্ৰীগৰাকীৰ হাতত পৰা তথ্য অনুসৰি, দ্বিতীয়টো বানত ২১ খন জিলাৰ ৪ হাজাৰ ৭ শ ৯ খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা কৃষিজীৱি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।
তথ্যত প্ৰকাশ পোৱা অনুসৰি, ২০,৪৫৩.১৬ হেক্টৰ খাৰিফ শস্য আৰু বড়ো খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে এই বানত । ১৮১.৯৬ হেক্টৰ আহুধান আৰু বাওধানৰ লগতে শালিখেতি নষ্ট হৈছে ২৪ হাজাৰ ৬০ হেক্টৰ । একেদৰে এই বানত বিধ্বস্ত হৈছে ফলমূলৰ বাগিচা আৰু উদ্যান শস্যও (Crop submergence in Assam flood) ।
মন্ত্ৰীগৰাকীৰ ভাষ্যত প্ৰকাশ পোৱা অনুসৰি জলকীয়া, আদা, হালধী, পিয়াঁজ আদি মচলাজাতীয় শস্য নষ্ট হৈছে ৬৯১.৯৬ হেক্টৰ । একেদৰে ৪৪৪.৫০ হেক্টৰ ফলমূল আৰু শস্যৰ পথাৰ নষ্ট হৈছে এই প্ৰলয়ংকৰী বানত ।
ইপিনে প্ৰায় ২২ হাজাৰ হেক্টৰ ভূমিত হোৱা খাৰিফ আৰু শাক-পাচলিৰ বানৰ কবলত পৰি নষ্ট হৈছে । আনহাতে তেওঁ কয়, প্ৰথমটো বানৰ তুলনাত দ্বিতীয়টো বানৰ ভয়াবহ হোৱাৰ ফলত ক্ষতিৰ পৰিমাণ দুগুণ হৈছে । এনে বৃহৎ ক্ষতিৰে মুখামুখি হব পৰাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিছু আঁচনি যুগুত কৰাৰ কথাও সদৰি কৰে ।