অসম

assam

ETV Bharat / state

Agricultural Revolution in Jorhat: পৰম্পৰাগত কৃষিৰে উত্তৰ পশ্চিম যোৰহাটত কৃষি বিপ্লৱ - Agricultural Revolution in Jorhat

বিলুপ্তপ্ৰায় থলুৱা কণী ধানৰ খেতিৰ বাবে ওলাই আহিল ৰাজ্যৰ কৃষক (Agricultural Revolution in Traditional Agriculture) ৷ নাবাৰ্ডৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

koni dhan cultivation in jorhat
উত্তৰ পশ্চিম যোৰহাটত আৰম্ভ হৈছে কণি ধানৰ খেতি

By

Published : Jan 24, 2023, 10:18 AM IST

যোৰহাট, 24 জানুৱাৰী:গ্ৰাম্য কৃষি সমাজৰ পৰা বিলুপ্তি পোৱা কণী ধানৰ খেতিৰ বাবে ওলাই আহিল পুৰুষ মহিলাসহ ৫০ গৰাকী কৃষক ৷ ১৫০বিঘা মাটিত কৰা হ'ব কণী ধানৰ খেতি । ঔষধি গুণযুক্ত কণী ধানৰ খেতিৰ লগতে কৃষিৰ সৈতে জড়িত বিভিন্ন সা সুবিধা তথা আঁচনি গ্ৰহণ কৰিবলৈ ওলাই আহিছে উত্তৰ পশ্চিম যোৰহাটৰ সহস্ৰাধিক কৃষক (Agricultural Revolution in Traditional Agriculture) ।

ইতিমধ্যে দেশত আৰম্ভ হৈছে আন্তৰ্জাতিক মিলেট বৰ্ষ ২০২৩। ভাৰতৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০২৩ বৰ্ষটো ‘আন্তৰ্জাতিক মিলেট বৰ্ষ’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল (International Millet year 2023) ৷ ইয়াৰ জড়িয়তে ভাৰত চৰকাৰে মিলেট শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সংকল্পবদ্ধ হৈছে ৷ অসম চৰকাৰেও ২০২৩ বৰ্ষটো মিলেট বৰ্ষ হিচাপে পালন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৷

উত্তৰ পশ্চিম যোৰহাটত আৰম্ভ হৈছে কণি ধানৰ খেতি

ইয়াৰ লগত সংগতি ৰাখি কৃষক উৎপাদক সংস্থা নাবাৰ্ড চমুকৈ National Bank for Agriculture and Rural Development পৃষ্ঠপোষকতাত উত্তৰ পশ্চিম যোৰহাটত গ্ৰহণ কৰা হৈছে বিলুপ্তপ্ৰায় থলুৱা কণী ধানৰ খেতি কৰিবৰ বাবে কৃষকক আগ্ৰহী কৰা এই পদক্ষেপ । কৃষক উৎপাদক সংস্থাৰ পৃষ্ঠপোষকতাত কণী ধানৰ খেতিৰ জৰিয়তে কৃষক সকলে কিদৰে স্বাৱলম্বী হোৱাৰ লগতে স্বাৱলম্বিতাৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে তাৰ বাবে এক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হৈছে নাবাৰ্ডৰ উদ্যোগত ৷

লগতে পঢ়ক :Tribute to poet Nilmani Phookan: নগাঁৱৰ কলঙৰ পাৰত কবিতাৰে স্মৰণ কবি নীলমণি ফুকনক

কাৰণ আমাৰ গ্ৰাম্য কৃষি সমাজৰ পৰা কালক্ৰমত হেৰাই যাবলৈ ধৰিছে কণী ধান খেতি ৷ কালক্ৰমত হেৰাই যাবলৈ উপক্ৰম ঘটা কণী ধান খেতিৰ বাবে ১৫ গৰাকী মহিলা সহ পঞ্চাশগৰাকী খেতিয়কক নিৰ্বাচিত কৰা হৈছে আৰু সৰ্বমুঠ ৫০ গৰাকী পুৰুষ আৰু মহিলা খেতিয়কে ১৫০ বিঘা মাটিত অতি লাভজনক কণী ধানৰ খেতি কৰিব বুলি জানিবলৈ পৰা গৈছে ।

কাৰণ কণী ধানত প্ৰচুৰ পৰিমাণে আহযুক্ত পদাৰ্থ থাকে ৷ তদুপৰি, কণী ধানত প্ৰচুৰ পৰিমাণে ঔষধি গুণ থাকে আৰু এই খেতিৰ জৰিয়তে ৰাজ্যৰ কৃষক সকলে প্ৰতিযোগিতা মূলক বজাৰত কেনেদৰে ফেৰ মাৰিব পাৰিব, তাৰ বাবে সকলো প্ৰস্তুত বুলি কৃষক উৎপাদক সংস্থাৰ বিষয়ববীয়া সকলে মত প্ৰকাশ কৰে । আনহাতে কৃষক উৎপাদক সংস্থাই নাবাৰ্ডৰ সহযোগত এলেংমৰাৰ অস্থায়ী মঞ্চত আয়োজন কৰা কৃষি সম্পৰ্কীয় এক সভাত অংশগ্ৰহণ কৰি এপেক্স বেংকৰ বিষয়ববীয়াই উত্তৰ পশ্চিম যোৰহাটত ১০ জন কৃষকলৈ কৃষি ঋণ প্ৰদান কৰে ।

উক্ত সভাতে কৃষি বীমাৰ লগতে অন্যান্য কৃষি সম্পৰ্কীয় বিভিন্ন আঁচনি সম্পৰ্কে বহুল ভাবে বাখ্যা কৰাৰ লগতে এই সমূহ আঁচনি কিদৰে কৃষক সকলে গ্ৰহণ কৰিব পাৰে তাৰো বিৱৰণ আগবঢ়ায় ৷

লগতে পঢ়ক :Koch Rajbongshi Sanmilani : আলোচনা নহ’লে পুনৰ বিকল্প সিদ্ধান্ত গ্ৰহণ কৰিব কে এল অ’ৱে; কোচ ৰাজবংশী সন্মিলনী

ABOUT THE AUTHOR

...view details