অসম

assam

ETV Bharat / state

Agri Education Fair 2023: AAU ত কৃষি শিক্ষা মেলা ২০২৩ অনুষ্ঠিত - Assam Agricultural University

অসম কৃষি বিশ্ববিদ্যালয়ত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে কৃষি শিক্ষা মেলা ২০২৩ । কৃষিক্ষেত্ৰ বৰ্তমান সময়ত আটাইতকৈ সুযোগ থকা ক্ষেত্ৰ বুলি উল্লেখ কৰে ড৹ বিনয় কুমাৰ শইকীয়াই । কৃষি শিক্ষা মেলা ২০২৩ ত অংশগ্ৰহণ কৰে যোৰহাটৰ ২৩ খন বিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়েত্ৰীয়ে ।

Agri Education Fair 2023 held at AAU in Jorhat
AAU ত কৃষি শিক্ষা মেলা ২০২৩ অনুষ্ঠিত

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:35 PM IST

যোৰহাট,১৪ ছেপ্টেম্বৰ:কৃষি বিজ্ঞানৰ কেৰিয়াৰ তথা কৃষিক্ষেত্ৰ বৰ্তমান সময়ত আটাইতকৈ সুযোগ থকা ক্ষেত্ৰ । সামগ্ৰিক কৃষিৰ ক্ষেত্ৰখনত সৰ্বাধিক সুযোগ থকাৰ লগতে কৃষি আৰু শক্তি খণ্ডতেই পুঁজিৰ পৰিমাণো বেছি । সেয়ে কৃষিবিজ্ঞান পঢ়াটো বৰ্তমান সময়ত অতি ভাল সিদ্ধান্ত । অসম কৃষি বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত 'কৃষি শিক্ষা মেলা ২০২৩'ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ বক্তব্যত এই মত ব্যক্ত কৰে বিশিষ্ট বিজ্ঞানী ড৹ বিনয় শইকীয়াই ।

AAU ত কৃষি শিক্ষা মেলা ২০২৩ অনুষ্ঠিত

বিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলক কৃষি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে কৃষিক্ষেত্ৰক জীৱিকাৰ উৎস হিচাপে গঢ় দিয়াৰ দিশত আগ্ৰহী কৰিবলৈ আয়োজন কৰা এই কাৰ্যসূচীত শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী বিজ্ঞানীজনে কয় যে সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম আৰু স্মাৰ্ট কৰ্মসূচীৰ লগতে বাৰ্তালাপেই মূল । এইসমূহ গঢ় দিব লাগিব বিদ্যালয় পৰ্যায়তে আৰু শিক্ষকসকলে এই দিশত সৰ্বোচ্চ সংযোগকাৰী হিচাপে ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিব লাগিব ।

ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্পৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ক ড৹ কিশোৰ কুমাৰ শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সন্মানীয় অতিথিৰ বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই বিদ্যালয় পৰ্যায়তে ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ মৌলিক কথাখিনি সুন্দৰকৈ আয়ত্ব কৰিব পাৰিলে ভৱিষ্যতৰ প্ৰতিযোগিতামুলক পৰীক্ষাত সহজেই অৱতীৰ্ণ হ'ব পাৰি বুলি মত ব্যক্ত কৰে । উদ্বোধনী অনুষ্ঠানটোত বক্তব্য আগবঢ়াই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্পৰ সমন্বয়ক ড৹ নবীন জৈনে নাহেপৰ জৰিয়তে দেশৰ কৃষি শিক্ষাৰ উত্তৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি অনাগত দিনত দেশৰ সামগ্ৰিক কৃষিৰ উন্নতিত অৰিহণা যোগাব বুলি আশা ব্যক্ত কৰে ।

পৰিস্মিতা দাসে আঁত ধৰা আৰু ড৹ দানিশ তামুলীয়ে শলাগ জনোৱা কৰা উদ্বোধনী অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালকসকল, সহযোগী সঞ্চালকসকল, বিজ্ঞানগুৰুসকল, বিভাগীয় মুৰব্বী অধ্যাপকসকল, গৱেষক বিজ্ঞানীসকল আৰু যোৰহাটৰ ২৩ খন বিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়েত্ৰীয়ে অংশগ্ৰহণ কৰে । কৃষি শিক্ষা মেলা ২০২৩ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কৃষি তথ্য প্ৰযুক্তিৰ এখন প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ড৹ বিনয় কুমাৰ শইকীয়াই । উল্লেখ্য যে এই প্ৰদৰ্শনীত যোৰহাটৰ ২৩ খন বিদ্যালয়ে বিজ্ঞান ভিত্তিক মডেল প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক:Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ

ABOUT THE AUTHOR

...view details