তিতাবৰ,4 এপ্ৰিল:অসমৰ কৃষিক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে মেৰাপানীৰ এগৰাকী আদৰ্শ কৃষকে । বৰ্ণসংকৰ প্ৰজাতিৰ এক বিশেষ প্ৰকাৰৰ আলু সফলতাৰে উৎপাদন কৰিছে মেৰাপানীৰ চলংপথাৰ গাঁৱৰ কৃষক বীৰেণ ঘাটোৱাৰে । অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ সৌজন্যত ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে খেতি কৰিছে বৰ্ণসংকৰ প্ৰজাতিৰ ‘কুফৰি সূৰ্য আলু’ৰ ।
কৃষক বীৰেণ ঘাটোৱাৰৰ প্ৰচেষ্টাত ‘Potato Breeder Seed Multiplication’ আঁচনিৰ অধীনত সম্পূৰ্ণ এক বিঘা মাটিত সফলতাৰে উৎপাদন কৰা হৈছে এই বৰ্ণসংকৰ আলু । সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নেট হাউচৰ জৰিয়তে উৎপাদন কৰা উন্নত আলুৰ বীজে আগন্তুক সময়ত যথেষ্ঠ লাভান্বিত কৰিব অসমৰ কৃষকক । আকৃতি আৰু সোৱাদত সচৰাচৰ বজাৰত উপলব্ধ আলুতকৈ পৃথক কুফৰি সূৰ্য প্ৰজাতিৰ আলু । বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যৰে আৰম্ভ কৰা আলু খেতিৰ এই নতুন প্ৰক্ৰিয়াৰ ফলত অসমৰ কৃষিখণ্ডত এক নতুনত্বৰ আগমন ঘটিব বুলি আশাবাদী কৃষক গৰাকী ।