অসম

assam

ETV Bharat / state

AJP য়ে অসম গণ পৰিষদৰ নাম নকল কৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছেঃ অতুল বৰা - নাগৰিকত্ব সংশোধনী আইন

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন ৷ উপস্থিত বহু কেইগৰাকী অগপৰ জ্যেষ্ঠ নেতা ৷ অগপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি অতুল বৰাৰ ৷

AGP 36th Foundation day Celebrate At Jorhat
যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

By

Published : Oct 14, 2020, 9:41 PM IST

যোৰহাট, 14 অক্টোবৰ : 1985 চনৰ 14 অক্টোবৰ দিনা গোলাঘাটৰ পৰা জন্মলাভ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ।6 বছৰীয়া 'অসম আন্দোলন'ৰ ফলস্বৰূপে গঠন হোৱ দলটো আজি 35 টা বৰ্ষ গৰকি 36 বছৰীয়া হ'ল । 36 বছৰৰ এই ক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী পালন কৰা হয় ৷

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

ৰাজ্যৰ অন্য জিলাৰ লগতে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উপৰ দেউৰী গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসত সহস্ৰাধিক লোকৰ অংশগ্ৰহণৰ লগতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেশৱ মহন্ত, কল্পনা পাটোৱাৰীকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে ।

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

লগতে পঢ়ক :জৰাজীৰ্ণ পথে দুৰ্ভোগ ভুগাইছে মৰিগাঁওবাসীক

কাৰ্যসূচী অনুসৰি,ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ প্ৰথমে 36 খনকৈ দলীয় পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পন কৰা হয় । আনহাতে, শ্বহীদ তৰ্পনৰ পিচতেই সাংবাদিকৰ আগত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্তই জনাই যে, পূৰ্বৰ অসম গণ পৰিষদ আৰু বৰ্তমানৰ অসম গণ পৰিষদৰ মাজত বহুত পাৰ্থক্য আছে । পূৰ্বে অসম গণ পৰিষদ দলে বহু ভুল কৰাৰ ফলত ৰাইজৰ মাজৰ পৰা আঁতৰি আহিছিল; কিন্তু এতিয়া অসম গণ পৰিষদ সম্পূৰ্ণ নতুন ৰূপত প্ৰকাশ পাইছে । যাৰফলত বহুতো নতুন ব্যক্তিৰ আগমন ঘটিছে দলটোলৈ ৷

কেশৱ মহন্তৰ মন্তব্য

আনহাতে, অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই জনাই যে, অসম গণ পৰিষদ ৰাজ্যখনৰ ৰাইজৰ আটাইতকৈ মৰমৰ আৰু শক্তিশালী দল । অসম গণ পৰিষদ জন্মৰ উদেশ্য সম্পূৰ্ণ পৃথক । সেয়েহে অসম গণ পৰিষদ দলক অযথা সমালোচনা কৰি লাভ নাই ।

লগতে পঢ়ক :ভূটানত জৰুৰীকালীনভাৱে অৱতৰণ গুৱাহাটী অভিমুখী হেলিকপ্টাৰ

কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাকৰি সৃষ্টি হোৱা ৰাজনৈতিক দলৰ সৈতে এক মত হ'ব নোৱাৰে । আনহাতে, AJP তথা অসম জাতীয় দলে অসম গণ পৰিষদৰ নাম নকল কৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছে । কিন্তু নাম নকল কৰি ৰাইজৰ আস্থা পাব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

অতুল বৰাৰ মন্তব্য

দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰ দেউৰী গাঁও অঞ্চলত বিভিন্ন জনগোষ্ঠীয় লোকৰ বাসস্থান । অসম গণ পৰিষদৰ লক্ষ্য ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্ধয় সৃষ্টি কৰি ৰাইজৰ হকে কাম আৰু উন্নয়ন সাধন একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে ।

যোৰহাটত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত অগপ দলৰ বহু নেতাকৰ্মী উপস্থিত থাকে । আনহাতে, কৰ'ণাৰ বাবে যি সামাজিক দুৰত্ব বাধ্যতামূলক সেইয়া ফুটুকাৰ ফেনলৈ পৰিণত হলগৈ অসম গণ পৰিষদৰ 36 তম প্ৰতিষ্ঠা দিৱসত ।

লগতে পঢ়ক :মোবাইল ফোনৰ বিকিৰণ হ্ৰাস কৰিব গৰুৰ গোবৰে

ABOUT THE AUTHOR

...view details