যোৰহাট, 10 জুলাই : ভয়াৱহ গণ সংক্ৰমণৰ কবলত যোৰহাট জিলা ৷ চহৰখনত দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই গণ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্য জিলাখনত প্ৰশাসনে পুনৰ লক ডাউন ঘোষণা কৰিছে ৷ কিন্তু কেৱল পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত লক ডাউন ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷ 9 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলসমূহত বাহাল থাকিব লক ডাউন ৷ যোৰহাট লক ডাউন সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
যোৰহাটৰ পৌৰসভা এলেকাত পুনৰ লক ডাউন - যোৰহাট
প্ৰাপ্ত তথ্য অনুসৰি,ইতিমধ্যে জিলাখনৰ সৰ্বমুঠ ২৮৯ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰে ১১৮ জন লোকৰ বৰ্তমানেও চিকিৎসা অব্যাহত আছে ৷ ইয়াৰ ভিতৰত ৭২ জন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু ৩৩ জন ৫ নং বায়ুসেনা চিকিৎসালয়ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, ৯ জুলাই দিনত ৩২ জনকৈ লোক আক্ৰান্ত হোৱা ঘটনাই চিন্তাত কৰি তুলিছে জিলা প্ৰশাসনক । ইয়াৰ ভিতৰত ২৪ জন লোকৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ৷ ১৫ জুলাইৰ পাছতো যদি জিলাখনত কৰ'ণা সংক্ৰমণ বৃদ্ধি পায় তেন্তে পৌৰসভাৰ এলেকাৰ পৰা উপ পৌৰসভাৰ লগতে পঞ্চায়ত এলেকালৈও লক ডাউন বৃদ্ধি হ'ব বুলি জানিব পৰা গৈছে ৷
যোৰহাটৰ পৌৰসভা এলেকাত পুনৰ লক ডাউন