অসম

assam

By

Published : Aug 7, 2021, 7:14 PM IST

ETV Bharat / state

কেতিয়া সম্পূৰ্ণ হ'ব টীয়কৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ঘাইপথ ?

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) তত্বাৱধানত নিৰ্মীয়মান পথ সম্প্ৰসাৰণ প্ৰক্ৰিয়া যোৰহাট বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত পুনৰ স্থবিৰ হৈ পৰিছে । চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণকাৰী সংস্থাক অব্যাহতি দি নতুনকৈ নিবিদা আহ্বানৰ প্ৰস্তুতি চলোৱাৰ লগে লগে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

teok fourlane
কেতিয়া সম্পূৰ্ণ হ'ব টীয়কৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ

টীয়ক, ৭ আগষ্ট : পুনৰ অনিশ্চয়তাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম । কেইবামাহ ধৰি সম্পূৰ্ণ নোহোৱা এই কামত পুনৰ হেঙাৰ । চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণকাৰী সংস্থাক অব্যাহতি দি নতুনকৈ নিবিদা আহ্বানৰ প্ৰস্তুতি চলোৱাৰ লগে লগে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) তত্বাৱধানত নিৰ্মীয়মান পথ সম্প্ৰসাৰণ প্ৰক্ৰিয়া যোৰহাট বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত পুনৰ স্থবিৰ হৈ পৰিছে । দীৰ্ঘদিন ধৰি উক্ত পথচোৱা সম্প্ৰসাৰণেৰে জড়িত নিৰ্মাণকাৰী সংস্থা জি ডি ছি এলয়ে (GDCL) উপ ঠিকা প্ৰদান কৰা লিংকন ডিগনিটি আৰু চানমায়া কনচট্ৰাকচন নামৰ সংস্থা দুটাৰ লেহেমীয়া আৰু নিম্নমানৰ কামৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

কেতিয়া সম্পূৰ্ণ হ'ব টীয়কৰ মাজেৰে যোৱা চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ

সংস্থা দুটাই কৰা কাম ইমানেই নিম্নমানৰ আছিল যে পথ নিৰ্মাণৰ চাৰিমাহ নৌহওতেই সমগ্র পথচোৱাৰ বিভিন্ন অংশ ভাঙি গৈছিল । যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত বাধা আহি পৰিছিল ।

নিৰ্মাণকাৰী সংস্থাটোৰ এনে নিম্নমানৰ কামৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে অভিযোগ দাখিল কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাট কাৰ্যালয়ৰ বিষয়াসকলে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছিল । কিন্তু শেহতীয়াকৈ জি ডি ছি এল নামৰ নিৰ্মাণকাৰী সংস্থাটোক অব্যাহতি দি নতুনকৈ নিবিদা আহ্বানৰ প্ৰস্তুতি চলোৱাত স্বাভাৱিকতে পুনৰ স্তব্ধ হৈ পৰিছে পথ সম্প্ৰসাৰণৰ কাম ।

ফলত টীয়কৰ বানিজ্যিক অঞ্চলসমূহৰ সন্মুখত আধৰুৱা হৈ থকা কামে বিপদত পেলাইছে ব্যৱসায়ী সকলক । নিৰ্মাণকাৰী সংস্থাই ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাঙৰ ডাঙৰ গাঁত খান্দি থোৱাৰ ফলত এক প্ৰকাৰ ব্যৱসায় স্থবিৰ হৈ পৰিছে বুলিও অভিযোগ কৰিছে স্থানীয় লোক তথা ব্যৱসায়ীসকলে । সেয়ে এইবাৰ নতুন প্ৰতিষ্ঠানে দায়িত্ব লৈয়ে যাতে নিম্নমানৰ কামবোৰ সম্পূৰ্ণ কৰে তাৰো দাবী জনাইছে বিভিন্ন সংগঠনে ।

লগতে পঢ়ক :ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details