অসম

assam

ETV Bharat / state

Raging in Dibrugarh university: সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি ভুক্তভোগীৰ পিতৃক - পুনৰ পোহৰলৈ আহিছে ৰেগিংকাণ্ড

ৰেগিঙৰ গ্ৰাসত ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ নিৱাস ৷ ৰেগিঙৰ বলি হৈ কিদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় এৰিব লগা হৈছিল বিৱৰি ক’লে যোৰহাটৰ এজন ভুক্তভোগী ছাত্রই(Again raging incident in Dibrugarh university) ৷

again-raging-incident-in-dibrugarh-university
Raging in Dibrugarh university:সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি ভুক্তভোগীৰ পিতৃক

By

Published : Nov 29, 2022, 6:08 PM IST

Updated : Nov 29, 2022, 7:37 PM IST

যোৰহাট, 29 নৱেম্বৰ:পুনৰ পোহৰলৈ আহিছে ৰেগিংকাণ্ড ৷ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ড মাৰ নৌযাওঁতেই এইবাৰ পুনৰ পোহৰলৈ আহিছে ৰেগিঙৰ বলি হৈ ঘৰলৈ ঘূৰি আহিবলগীয়া হোৱা ছাত্ৰৰ শিহৰণকাৰী অভিজ্ঞতাৰ জীৱন্ত বিৱৰণী (Student explain ragging experience in Dibrugarh University) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ ঘটনা সংঘটিত হোৱাৰ পাছতে ইটোৰ পাচত সিটো ৰেগিঙৰ ভয়ংকৰ ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷

সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি ভুক্তভোগীৰ পিতৃক

এজনৰ পাছত আনজন ভুক্তভোগীয়ে নিৰ্যাতনৰ অভিজ্ঞতা বিৱৰি কোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে যোৰহাট ককিলামূখৰ এজন ছাত্ৰৰ লগত সংঘটিত হোৱা ৰেগিঙৰ ঘটনা ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাইল্চ ব্ৰঞ্চন ছাত্ৰ নিবাসৰ আকাশ জ্যোতি দাস নামৰ ছাত্ৰজনে এমাহ পূৰ্বে নাম ভৰ্তি কৰি ৰেগিঙৰ প্ৰকোপত ছাত্ৰ নিবাস ত্যাগ কৰি ঘৰলৈ উভতি আহে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।

আকাশ জ্যোতি দাস নামৰ ছাত্ৰজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি বিশ্ববিদ্যালয়খনৰ মাইল্চ ব্ৰঞ্চন ছাত্ৰ নিবাসত নাম ভৰ্তি কৰে ৷ শিক্ষা গ্ৰহণৰ উদ্দেশ্যৰে অসমৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনত নাম ভৰ্তি কৰে যদিও ৰেগিঙৰ প্ৰকোপত ছাত্ৰ নিবাস ত্যাগ কৰি ঘৰলৈ উভতি আহিবলৈ বাধ্য হয় আকাশ জ্যোতি দাস(Again raging incident in Dibrugarh university) ৷

ছাত্ৰ নিবাসটোৰ জেষ্ঠ ছাত্ৰসকলে কনিষ্ঠসকলৰ সময়-অসুবিধাৰ প্ৰতি সম্পূৰ্ণ আওকাণ কৰি নিজৰ কামত যেতিয়াই তেতিয়াই খটুৱাই বুলি উল্লেখ কৰে ভুক্তভোগী ছাত্ৰজনে ৷

কেৱল নিজৰ কামত খটুওৱাই নহয়, ছাত্ৰজনক মানসিকভাৱে বিকাৰগ্ৰস্ত সজোৱাৰো কুচেষ্টা ছাত্ৰ নিবাসটোৰ জেষ্ঠ ছাত্ৰসকলে চলাইছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী আকাশ জ্যোতি দাসে ৷ আকাশ জ্যোতি দাস মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আনকি প্ৰেচক্ৰিপশ্যন পৰ্যন্ত উলিয়াইছিল বুলি ভুক্তভোগী আকাশ জ্যোতি দাসে জানিবলৈ দিয়ে ৷

লগতে ,ছাত্ৰ জনৰ সৈতে সংঘটিত হোৱা নিৰ্যাতন কাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি প্ৰদান কৰিছে ভুক্তভোগী আকাশ জ্যোতি দাসৰ পিতৃক ৷ উল্লেখযোগ্য যে ,ছাত্ৰ নিবাসটোৰ ৱাৰ্ডেন,সুৰক্ষা কৰ্মীসকল সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত যদিও নিৰ্বিকাৰ ভূমিকা কিয় গ্ৰহণ কৰি আহিছে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক:Teacher Attacked by Students: মৰাণত ছাত্ৰৰ উদ্ভণ্ডালিত আহত অন্তঃসত্বা শিক্ষয়িত্ৰী

Last Updated : Nov 29, 2022, 7:37 PM IST

ABOUT THE AUTHOR

...view details