টীয়ক, 4 নবেম্বৰ : টীয়কত মেৰামতিৰ পাচতেই চপৰা চপৰে এৰাইছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আলকতৰা ৷ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে পথ নিৰ্মাণৰ তিনিদিনৰ পাছতে এৰাইছে আলকতৰাসমূহ । বালি, ধূলিৰ ওপৰতে ব্লেক টেপিং কৰাৰ ফলত এনেদৰে চপৰা চপৰে এৰাইছে ব্লেক টেপিং । লিংকন নামৰ নিৰ্মাণ সংস্থাটোৱে ক্ৰুটি পূৰ্ণভাবে নিৰ্মাণ কাৰ্য কৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বহুবাৰ অভিযোগ দাখিল কৰাৰ পাচতো কাণসাৰ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ।
মেৰামতিৰ 3 দিনৰ পাচতেই এৰাল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আলকতৰা - ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে পথ নিৰ্মাণৰ তিনিদিনৰ পাছতে এৰাইছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আলকতৰা ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বহুবাৰ অভিযোগ দাখিল কৰাৰ পাচতো কাণসাৰ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ।
লিংকন
উল্লেখযোগ্য যে পূৰ্বে নিৰ্মিত পথৰ ওপৰতে ব্লেকটেপিং কৰিছে সংস্থাটোৱে,কৰা নাই WBM । কেৱল নিম্নমানৰ বোকা-ধূলিযুক্ত চেণ্ড গ্ৰেভেল দিয়েই ব্লেক টেপিং কৰি কাম অব্যাহত ৰাখিছে কোম্পানীটোৱে । ইপিনে স্থানীয় কোনো লোকে কামৰ ক্ষেত্ৰত অভিযোগ দিলে ওলোটাই সন্থাটোৱে ভাবুকিহে প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক :মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীক