টীয়ক, 25 জুলাই :বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (African swine fever in Assam) । জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক । কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু গাহৰি (Pigs died in several Districts of Assam)৷ ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী (Pork Sale ban in two districts of Assam) ।
আফ্ৰিকান ছোৱাইন ফিভাৰ এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি । বিগত দুটা বছৰ পূৰ্বে অসম তথা অৰুণাচলত এই ৰোগ দেখিবলৈ পোৱা গৈছিল । শেহতীয়াকৈ ৰাজ্যৰ ২২ খন জিলাতে ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ ঘটিছে । আনহাতে, ৰোগৰ অভিকেন্দ্ৰ হিচাপে ৭২ টা স্থান চিহ্নিত কৰা হৈছে ।
বৰ্তমান ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱে ৰাজ্যৰ কেইবাখনো জিলাৰ গাহৰি পালকসকলৰ বাবে এক অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে টীয়কৰ আদৰ্শ কৃষক তথা গাহৰি পালক নৱনিধি গগৈয়ে এই সময়ত সকলো গাহৰি পালকক সংশয়ৰ পৰিৱৰ্তে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।