টীয়ক,16 জুন : ক’ভিডক ৰোধিবলৈ চৰকাৰে নিত্য নতুন নিৰ্দেশনা(sop)জাৰি কৰিছে যদিও চৰকাৰী নীতি নিৰ্দেশনালৈ যেন কেৰেপেই কৰা নাই একাংশ ৰাজ্যবাসীৰ। বিশেষকৈ ৰাজ্যৰ বহু প্ৰান্তৰ গ্ৰাম্যাঞ্চলত এই আংশিক লক ডাউনে এক উৎসৱমুখৰ পৰিবেশৰহে সুচনা কৰিছে ।
প্ৰশাসনে, নিতৌ নতুন নতুন অঞ্চল কন্টেইনমেন্ট জ'ন(containment zone) হিচাপে ঘোষণা কৰিবলগীয়া হৈছে যদিও, সচেতনতা অহা নাই একাংশ ৰাইজৰ । একেদৰেই টীয়কৰ বনাই ৰবি গাঁৱৰ মূল পথতে প্ৰশাসনে বাঁহৰ লাং মাৰি উক্ত অঞ্চলটোলৈ যাতায়াত বন্ধ কৰিছে । কিয়নো, গাঁওখনত বিগত কিছু দিনৰ আগত মাংগলিক কাম-কাজ সম্পন্ন কৰাৰ অৰ্থে একাধিক গাঁওবাসীৰ ঘৰত ৰাজহুৱা সকাম তথা ভোজৰ আয়োজন কৰা হৈছিল ।
টীয়কত এখন এখনকৈ গাঁৱক কন্টেইমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ইয়াৰ পৰিণতিতেই এতিয়া গাঁওখনৰ ৩১ জনকৈ লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি । উল্লেখ্য যে, আক্ৰান্ত সকলৰ মাজত এগৰাকী প্ৰসূতিও আছে । তথ্য মতে, গাঁওখনৰ মুঠ ১৩৯ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু তাৰে ৩১ জনৰ দেহত ক’ভিডৰ অৱস্থিতি দেখা দিয়াত তাৰে ৪ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ(JMC) প্ৰেৰণ কৰি বাকীসকলক হোম আইচ'লেচন(home isolation)ত ৰখা হৈছে ৷
ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী । যি সময়ত, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰিছিল তেনে সময়তে এচাম ৰাইজৰ এনে অসচেতনতাই ভয়ংকৰ ভৱিষ্যতৰ পিনে থেলি দেছি বহুজনৰ জীৱন ৷
লগতে পঢ়ক:মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ