অসম

assam

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন

অসমত নিৰ্মাণ হ‘ব প্ৰথমটো অত্যাধুনিক, বহুমুখী কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প । বৃহস্পতিবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ব বিদ্যালয়ত এই বিশেষ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

By

Published : Aug 19, 2021, 7:30 PM IST

Published : Aug 19, 2021, 7:30 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন
অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন

যোৰহাট, 19 আগষ্ট:অসমৰ কৃষি পৰ্যটন উদ্যোগৰ বাবে আশাৰ খবৰ । অসমত নিৰ্মাণ হ’ব প্ৰথমটো আদৰ্শ কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প । অসম কৃষি বিশ্ববিদ্যালয়ে নিজাববীয়া সেউজ পৰিকল্পনাৰ অধীনত গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ উল্লেখযোগ্য যে, সম্প্ৰতি ক’ভিড সৃষ্ট পৰিৱেশে পৰ্যটন উদ্যোগৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে ৷

সেই সময়তে কৃষি পৰ্যটনৰ জৰিয়তে পৰ্যটন উদ্যোগটোক আগবঢ়াই নিয়াৰ চিন্তা চৰ্চা চলি থকাৰ সময়তে অসমত আৰম্ভ হৈছে এক অভিলাসী কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্প ৰূপায়নৰ আঁচনিৰ কাম ৷ দেশৰ ভিতৰতে কৃষি শিক্ষা গৱেষণা আৰু কৃষিখণ্ডৰ আনুসংগিক সম্প্ৰসাৰণৰ দিশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা অসম কৃষি বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এই অভিনৱ পৰিকল্পনা ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰ্যটন ক্ষেত্ৰত নতুন অভিলাষী প্ৰকল্পৰ সংযোজন

বিশ্ববিদ্যালখনে যোৰহাটস্থিত মূল চৌহদত ৰূপায়ন কৰিবলৈ লোৱা এই আদৰ্শ কৃষি পৰিৱেশ পৰ্যটন প্ৰকল্পটোৱে কৃষিখণ্ডৰ আনুষংগিক প্ৰায়বোৰ দিশ সামৰি নতুন পৰিক্ৰমাৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ।

লগতে পঢ়কঃজনা নজনা: এছিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁওখন

বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ ভিতৰৰ প্ৰায় ডেৰ কিলমিটাৰ দৈৰ্ঘৰ পতিত জলাশয় আৰু জান তথা চাহ বাগিচাৰে পৰিবেষ্টিত কাষৰীয়া এলেকাত সুন্দৰ আটকধুনীয়া আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ কৰি এই মনোমোহা অভিলাসী প্ৰকল্প ৰূপায়ন কৰিবলৈ আগবাঢ়িছে ।

য’ত অৰ্ন্তভুক্ত হ’ব সুন্দৰ আটকধুনীয়া পুখুৰী-বাগিছা, থলুৱা ফলৰ বাগিছা, ঔষধি উদ্ভিদৰ বাগিছা, নৌকাবিহাৰ, জল অৱসৰ বিনোদন, দেশী বিদেশী ফুলৰ বাগিছা, সমন্বিও পাম পদ্ধতি, জলক্ৰীয়া তথা জল অৱসৰ বিনোদনৰ স্থান আদি বহুবোৰ চালে চকুৰোৱা সেউজ পদক্ষেপ । যিটো প্ৰকল্পই কৃষি তথা এই দিশৰ লগত জড়িত সকলক অনুপ্ৰাণিত কৰি অধিক আগ্ৰহান্বিত কৰিব ।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থ সাহাৰ্যৰে প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া প্ৰকল্পটোৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, পৰম্পৰাগত আৰু আধুনিকতাৰ সংমিশ্ৰিত এই প্ৰকল্পটো কৃষি খণ্ডৰ গৱেষক সকলৰ গৱেষণাৰ বাবে পৰ্যাপ্ত সমল তথা আধাৰ তৈয়াৰ কৰাৰ উপৰিও ৰাজ্যৰ কৃষি পৰ্যটন উদ্যোগক নতুন গতি দিব ।

লগতে পঢ়কঃঅতি শীঘ্ৰেই নামৰূপত স্থাপন হ'ব নেন' ইউৰীয়া প্ৰকল্পৰ আধাৰশিলা

ABOUT THE AUTHOR

...view details