টীয়ক, 23 জুন: টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ভগামুখকে ধৰি টীয়কৰ বিভিন্ন প্ৰান্তত বহু গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে গাহৰি পালকসকলক ৷ শেহতীয়াকৈ ভগামুখৰ সঞ্জয় বাৰুৱতী নামৰ যুৱক জনৰ গাহৰি ফাৰ্মত ২২ টাকৈ গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে ব্যৱসায়ীজনক (Abnormal death of pigs at Teok in Jorhat) । তদুপৰি তেওঁৰ ফাৰ্মৰ বাকীসকল গাহৰিৰ স্বাস্থ্যও ভাল নহয় বুলি জানিবলৈ দিয়ে (Teok hits by African Swine Fever) ৷
প্ৰথমে জ্বৰ উঠাৰ পাছত অত্যাধিক কঁপনি উঠি একোটা গাহৰি তিনি চাৰি ঘন্টাৰ ভিতৰত মৃত্যু হয় বুলি গাহৰি পালকজনে জানিব দিয়ে ৷ এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই যদিও আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে গাহৰি পালকজনে ৷ পিছে গাহৰি পালনেৰে দুপইচা অৰ্জন কৰি নিজৰ ঘৰখন পোহপাল দিয়া ব্যৱসায়ীজনে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে এতিয়া পৰিছে সমস্যাত ।