টীয়ক,৩ ছেপ্টেম্বৰ:আজি অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । এসময়ৰ অসমৰ আগশাৰীৰ ক্ৰীড়া আলোচনী 'অভিৰুচি'য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিনটো 'অভিৰুচি ক্ৰীড়া' দিৱসৰূপে পোন প্ৰথমে পালন কৰিছিল । তাৰ পিছৰে পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সৰ্বস্তৰতে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে পালন কৰি অহা হৈছে ।
সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আয়োজন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস(Abhiruchi Krira Divas Divas observed in Teok) । টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়ক ক্ৰীড়া সন্থাই আজিৰ এই বিশেষ দিনটোত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমণি মাৰাথন দৌৰ প্ৰতিযোগিতাত অনুষ্ঠিত কৰে । অগপৰ টীয়ক বিধান পৰিষদৰ সভাপিত বিকাশ শইকীয়াই শুভাৰম্ভণী কৰা এই মাৰাথান দৌৰ প্ৰতিযোগিতাত অসমৰ কেইবাখনো জিলাৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
ইফালে প্ৰতিযোগিতাৰ অন্তত যোৰহাট জিলা উপায়ুক্তৰ লগতে টীয়কৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত জগদুৱাৰৰ সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা প্ৰেক্ষাগৃহত অনুস্থিত বঁটা বিতৰণী সভাত বিজয়ীসকলক নগদ ধনসহ ট্ৰফী প্ৰদান কৰা হয় । উল্লেখযোগ্য যে এই সভাতে অসমৰ প্ৰথমজন প্ৰফেচনেল বক্সাৰ অসম সন্তান তথা গ্ৰীনিজ বুক অফ ৰেকৰ্ড হ'ল্ডাৰ অভিজিত বৰুৱাক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।