যোৰহাট, 3 জুন:প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিজ্ঞানী ড° লক্ষ্মীনন্দন বৰাৰ বিয়োগত মৰ্মাহত অসমবাসী ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকবাৰ্তা প্ৰেৰণ কৰিছে বিভিন্ন দল-সংগঠনে ।
সাহিত্যিক গৰাকীৰ মৃত্যুত অসম কৃষি বিশ্ববিদ্যালয়তো পৰিছে শোকৰ ছাঁ । বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই । উপাচাৰ্য গৰাকীয়ে ড° বৰাৰ দেহাৱসান অসমীয়া জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে ।