অসম

assam

ETV Bharat / state

কৰ’ণাত আক্ৰান্তৰ মৃত্য়ুত প্ৰতিবাদ আটছাৰ - covid 19

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালেশ্বৰ ওৰাং নামৰ এগৰাকী ব্যক্তিৰ সন্দেহজনক মৃত্যুৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই ৷ প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

AATSA protest from jorhat assam etv bharat news
আটছাৰ প্ৰতিবাদ

By

Published : Aug 26, 2020, 4:19 PM IST

যোৰহাট,26 আগষ্ট:কৰ’ণা ভাইৰাছৰ চিকিৎসা সন্দৰ্ভত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাৰ প্ৰতি আজিও সন্দেহৰ আৱৰ্তত একাংশ লোক ৷কৰ’ণাৰ চিকিৎসাৰ নামত সাধাৰণ জনতাৰ জীৱনক লৈ হেতালি খেলিছে নেকি স্বাস্থ্য বিভাগে । এই সন্দেহ কৰি বাৰে-বাৰে সাধাৰণ জনতাই অভিযোগ উত্থাপিত কৰিছে ৰাজ্যৰ চিকিৎসা বিভাগৰ বিৰুদ্ধে ৷

আটছাৰ প্ৰতিবাদ

উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালেশ্বৰ ওৰাং নামৰ এগৰাকী ব্যক্তিৰ সন্দেহজনক মৃত্যুৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই ৷ জিলাখনৰ চিনামৰা আৰক্ষী চকীৰ সন্মুখত সন্থাৰ চিনামৰা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । উক্ত প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে চাওকঃCOVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

ABOUT THE AUTHOR

...view details