যোৰহাট, 22 আগষ্ট : "বিগত সময়চোৱাত পৰিবৰ্তনৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰে মাথোঁ ৰাজনৈতিক স্বাৰ্থত বৃহত্তৰ চাহ জনগোষ্ঠীক ব্যৱহাৰ কৰি আহিছে। প্ৰকৃতাৰ্থত চৰকাৰে নিবিচাৰে চাহ জনগোষ্ঠীৰ উন্নয়ন।" এই দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ।
অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচা সমুহৰ স্থায়ী শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমুহ সমাধান কৰা দাবীত সোমবাৰে যোৰহাট চিনামৰা চাহ বাগিচাৰ কলঘৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে চাহ নিগমৰ বাগিছা বন্ধ কৰাৰ হুংকাৰ আটছাৰ - aatsa_protest
যোৰহাট চিনামৰা চাহ বাগিচাৰ কলঘৰৰ সন্মুখত প্ৰায় চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদস্থলীৰ পৰা আগন্তুক নিৰ্বাচনৰ আগতে এই দাবী সমূহ পুৰণ নকৰিলে চাহ নিগমৰ ১৪ খনকৈ বাগিচা বন্ধ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে আটছাই ।
দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে চাহ নিগমৰ বাগিছা বন্ধ কৰাৰ হুংকাৰ আটছাৰ
লগতে পঢ়ক : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অগ্নিকাণ্ড