যোৰহাট, ২৭ এপ্ৰিলঃশ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Swahid Dayal Das Panika Swajiyojan Achoni)। আঁচনিখনত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে আটছাৰ ডফলাটিং শাখাই । আটছাৰ প্ৰতিবাদত উত্তাল হ'ল তিতাবৰত । ৰাজপথত জ্বলিল অধ্যক্ষ দুলেন নায়ক আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ জুমুঠি ।
উত্থাপিত অভিযোগ অনুসৰি শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে (Scam in Swahid Dayal Das Panika Swajiyojan) । ২০২২-২৩ বৰ্ষৰ শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিত হিতাধিকাৰী নিৰ্বাচনত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে আটছাৰ ডফলাটিং শাখাই এই প্ৰতিবাদ সাব্য়স্ত কৰে ।
প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অনা চাহ জনগোষ্ঠীৰ লোকে এই আঁচনি লাভ কৰা বাবে বৃহস্পতিবাৰে চাহ শ্ৰমিকক লগত লৈ এক উত্তাল প্ৰতিবাদী সাব্যস্ত কৰে । আটছা ডফলাটিং উপ শাখাৰ উদ্যোগত চুঙি চাহ বাগিচা চাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু চাহ জনজাতী কল্যাণ সমিতিৰ অধ্যক্ষ দুলেন নায়কৰ জুমুঠি দাহ কৰে । লগতে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰক উচিত তদন্ত কৰিবলৈ দাবী জনায় । প্ৰতিবাদকাৰীসকলে সঞ্জয় কিষাণ মূৰ্দাবাদ, দুলেন নায়ক গ' বেক আদি বিভিন্ন শ্লোগানৰে আকাশ বতাহ কঁপাই তোলে ।