অসম

assam

ETV Bharat / state

AATSA Protest in Mariani : মৰিয়নিত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাৰ উত্তাল প্ৰতিবাদ - বাগিছা কৰ্তৃপক্ষ

বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে মৰিয়নিত আটছাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ উপযুক্ত ক্ষতিপূৰণ আৰু চাহ শ্ৰমিকক সুৰক্ষা প্ৰদানৰ দাবীত এই প্ৰতিবাদ ৷

AATSA Holds Protest in New Sonowal Tea Estate
আটছাৰ উত্তাল প্ৰতিবাদ

By

Published : Aug 10, 2023, 6:07 PM IST

বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাৰ উত্তাল প্ৰতিবাদ

যোৰহাট, 10 আগষ্ট : মৰিয়নিত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে আটছাৰ উত্তাল প্ৰতিবাদ ৷ উপযুক্ত ক্ষতিপূৰণ আৰু চাহ শ্ৰমিকক সুৰক্ষা প্ৰদানৰ দাবীত মৰিয়নিৰ নিউ সোনোৱাল চাহ বাগিছা কলঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাগিছাখনৰ কলঘৰৰ ডায়াৰত সোমাই এটা ভৰি হেৰুৱাব লগা হৈছিল মহেশ কোঁৱৰ নামৰ এজন শ্ৰমিকে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাগিছা কৰ্তৃপক্ষৰ ফালৰ পৰা আশ্বাস দিয়া হৈছিল দুৰ্ভগীয়া মহেশ কোঁৱৰক দিয়া হ'ব উপযুক্ত চিকিৎসা আৰু ক্ষতিপূৰণকে ধৰি অনান্য সা-সুবিধা সমূহ ৷ কিন্ত বাগিছা কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে কৰ্তব্যৰত অৱস্থাত চাহ শ্ৰমিকজনে এটা ভৰি হেৰুৱাব লগা হোৱাৰ পিছতো পৰ্যাপ্ত ক্ষতিপূৰণ লাভ কৰা নাই স্ৰমিকজনে ৷ লগতে শ্ৰমিকজনক অন্যান্য প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰিলে বাগিছা কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :Assam Cabinet Decision: আশাকৰ্মীৰ পৰা ৬জনগোষ্ঠীলৈকে সন্তুষ্ট কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিধান্তত অনুমোদন

ফলত ক্ষোভিত হৈ পৰিছে শ্ৰমিকজনৰ পৰিয়ালৰ লগতে আটছা ৷ যাৰ পৰিপ্ৰেক্ষিত বৃহস্পতিবাৰে পুৱাই আটছাই বাগিছাৰ কলঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰমিকজনৰ উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে ৷ লগতে শ্ৰমিকৰ পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিয়া অনুসৰি প্ৰাপ্য প্ৰদান কৰাৰো দাবী কৰে সংগঠনটোৱে ৷

সংগঠনটোৰ এই দাবী আৰু ক্ষতিপূৰণ যদি শীঘ্ৰেই কাৰ্যকৰী নকৰে তেতিয়া হ’লে অনাগত সময়ত ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতৃত্বই ৷

উল্লেখযোগ্য যে, বিগত সময়চোৱাত বিভিন্ন সময়ত বাগিছাৰ কলঘৰত দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনা সংঘটিত হৈ গুৰুতৰভাৱে আহত হৈছে কেইবাজনো শ্ৰমিক ৷ এনেধৰণৰ দুৰ্ঘটনাত পতিত হৈ চিৰ জীৱনৰ বাবে ঘূণীয়া হৈছে এইসকল শ্ৰমিক ৷ কিন্তু এইসকল ভুক্তভোগী শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি বাগিছা কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰদান কৰা হয় যদিও, সময়ত এই ক্ষতিপূৰণ শ্ৰমিকসকলে নোপোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক :Jal Jeevan Mission Scheme:অসমত ৫২.৬১ শতাংশহে সম্পূৰ্ণ হৈছে জল জীৱনৰ কাম

ABOUT THE AUTHOR

...view details