যোৰহাট, ৩১ মে':৩০ মে'ত দুই বছৰ অতিক্ৰম কৰিলে ৰাজ্য় কঁপোৱা দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ডই (Debashish Jyoti Gogoi murder case) । ন্যায়ালয়ৰ দ্বাৰা দেৱাশীষ জ্যোতি গগৈৰ পৰিয়ালে ন্যায় পালে । কিন্তু চৰকাৰ দ্বাৰা পালে দেৱাশীষৰ পৰিয়ালে কেৱল বঞ্চনা আৰু প্ৰতাৰণা । দেৱাশীষৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত নকছাৰি আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় (Tribute to Debashish Jyoti Gogoi in Jorhat)। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
৩০ মে'ত অৰ্থাৎ মঙলবাৰে দুবছৰ সম্পূৰ্ণ হ'ল যোৰহাট জিলাৰ মৰিয়নিৰ দেৱাশীষ জ্যোতি গগৈ হত্যাকাণ্ডৰ । মৰিয়নি গাভৰু পৰ্বত চাহ বাগিচাত গণ আক্ৰমণত মৃত্যু হৈছিল উদীয়মান যুৱক দেৱাষীশ জ্যোতি গগৈৰ । দুটা বছৰৰ আগতে গাভৰু পৰ্বতৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি থকা সময়তেই একাংশ দানৱৰূপী মানৱৰ আক্ৰমণত মূমুৰ্ষু অৱস্থাত উক্ত স্থানত পৰি ৰৈছিল দেৱাশীষ । আৰু জটিল অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তেই মৃত্যু হৈছিল মৰিয়নি নকছাৰি মিলগাঁৱৰ যুৱক দেৱাশীষ জ্যোতি গগৈৰ ।