অসম

assam

ETV Bharat / state

Student Leader Expelled: ছাত্ৰ সংবিধান অৱমাননা কৰি আছুৰ পৰা বহিষ্কৃত ছাত্ৰ নেতা অংকিত কাশ্যপ - Student Leader Expelled

যোৰহাটত ছাত্ৰ নেতাৰ উদ্ভণ্ডালি ৷ ছাত্ৰ সংবিধান অৱমাননা কৰাৰ লগতে বহু গুৰুতৰ অভিযোগৰ ভিত্তিত আছুৰ পৰা বহিষ্কৃত হ’ল ছাত্ৰ নেতা অংকিত কাশ্যপ (AASU Student Leader Expelled)৷

AASU Student Leader Expelled in Jorhat
আছুৰ পৰা বহিষ্কৃত হ’ল ছাত্ৰ নেতা অংকিত কাশ্যপ

By

Published : Mar 18, 2023, 10:07 PM IST

যোৰহাট, 18 মাৰ্চ:আছুৰ পৰা বহিষ্কাৰ তৰাজান আঞ্চলিকৰ সভাপতি অংকিত কাশ্যপক (Student Leader Expelled) ৷ শনিবাৰে তাৎক্ষণিকভাৱে এখন সংবাদমেলৰ আয়োজন কৰি তৰাজান আঞ্চলিক শাখাৰ সভাপতি অংকিত কাশ্যপক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আছুৰ পৰা বহিষ্কাৰ কৰাৰ কথা সদৰী কৰা হৈছে ৷ সংবাদমেলখনত উল্লেখ কৰা অনুসৰি ছাত্ৰৰ সন্থাৰ নেতা অংকিতে অসংবিধানিক কাৰ্যকলাপত জড়িত থকাৰ লগতে ছাত্র সন্থা বিৰোধী কাম কাজতো জড়িত আছিল (Student Leader Expelled in Jorhat) ৷ কেৱল এয়াই নহয় বিগত সময়ত ছাত্ৰ নেতাজনৰ ওপৰত বহুতো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

ইপিনে যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ লগতে জিলা ছাত্র সন্থাই ভৱিষ্যত দিনত ছাত্ৰ সন্থাৰ কোনো অনুষ্ঠান বা বিষয়ত জড়িত নহ’বলৈ ছাত্ৰ নেতাজনক আহ্বান জনাইছে ৷ অংকিতে ছাত্ৰ সন্থাৰ নাম লৈয়েই ছাত্র সন্থাৰ পবিত্ৰ মজিয়াখন কলুষিত কৰাৰ বহুতো তথ্যসহ প্ৰমাণ ছাত্ৰ সন্থাৰ অন্য নেতাসকলে লাভ কৰিছিল ৷ তাৰ পিচতেই ছাত্র সন্থাৰ সংবিধান অনুসৰি এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সন্থাই ৷ এই কথা জানিবলৈ দিয়ে যোৰহাট ছাত্র সন্থাৰ এগৰাকী বিষয়ববীয়াই ৷

তাৎপৰ্যপূৰ্ণ যে যোৰহাট জিলা ছাত্র সন্থাই শিক্ষাৰ্থীসকলৰ ভৱিষ্যত শিক্ষা জীৱনৰ কথা চিন্তা কৰি ধাৰাবাহিকভাৱে চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । লগতে চৰকাৰে নগৰবাসী ওপৰত অত্যাধিক কৰ আৰোপ কৰি মাধমাৰ শোধাই অহা স্পৰ্শকাতৰ এনে দুই বিষয়ক লৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সৰৱ হোৱা লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কিন্তু আছু পৰাৰ বহিষ্কাৰ কৰাৰ ছাত্র নেতাজনক কেতিয়াও এনেধৰণৰ আন্দোলনত দেখা যোৱা নাছিল ৷ আনকি ছাত্ৰ নেতা অংকিতে বিভিন্ন বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা দেখা গৈছিল।

ইফালে অভিযোগ অনুসৰি তৰাজান আঞ্চলিক শাখা সভাপতি অংকিত কাশ্যপে বিভিন্ন সময়ত ব্যৱসায়ী সকলক হাৰাশাস্তি কৰাৰ কথাও এক বিশেষ সূত্ৰই জানিবলৈ দিছিল । অংকিত কাশ্যপক বহিষ্কাৰ কৰাৰ বাবে ছাত্র সন্থাৰ একাংশ নেতা কৰ্মকৰ্তাই সন্তুষ্টি প্ৰকাশ কৰিছে। এই ঘটনাৰ পিচতেই বিগত সময়ত আছু বিৰোধী কাৰ্যকলাপত লিপ্ত থকা অন্য ছাত্র নেতা সকলৰ বিৰুদ্ধেও কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত দৃষ্টি ৰাখিছে সচেতন মহলে।

লগতে পঢ়ক:Martyr Purnakanta Nirmaliya : নাহৰকটীয়াত শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল পুনৰ নিৰ্মাণ কৰিলে আছুৱে

ABOUT THE AUTHOR

...view details