অসম

assam

By

Published : Oct 14, 2022, 2:21 PM IST

ETV Bharat / state

Memorandum to Assam CM: যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাক লৈ সৰৱ আছু

যোৰহাট চিকিৎসা মহাবিদ্যালয়ক পূৰ্ণাংগ ৰূপ প্ৰদানৰ দাবী আছুৰ ৷ আলট্ৰাচাউণ্ডৰ মেচিন যোগানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ(AASU sent Memorandum to Assam CM)৷

AASU sent Memorandum to Assam CM for development of JMCH
Memorandum to Assam CM: যোৰহাট চিকিৎসা মহাবিদ্যালয় সমস্যা বিৰুদ্ধে সৰৱ আছু

যোৰহাট,14 অক্টোবৰ:স্বাধীনতাৰ ৭৬ টা বৰ্ষ অতিক্ৰম কৰাৰ পাছতো যোৰহাটবাসী ৰাইজে চৰকাৰী খণ্ডতে ভাল চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ২০০৯ চনতেই স্থাপিত যোৰহাট চিকিৎসা মহাবিদ্যালয়খনিৰ অৱস্থা বৰ্তমানে বাহিৰে ৰংচং ভিতৰি কোৱাভাতুৰী সদৃশ । কোটিটকীয়া আঁচনিও ঢুকি নোপোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়নৰ নামত বিভিন্ন সময়ত সকলো ৰাজনৈতিক দলে কেৱল নিৰ্বাচনী অস্ত্ৰৰূপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ সৰ্বজনবিদিত(Jorhat medical college) ।

চিকিৎসা মহাবিদ্যালয়খনিৰ বৰ্তমানে এটা অতি গুৰুত্বপূৰ্ণ বিভাগ স্নায়ুৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছৰ পৰা বিভাগটোত তলা লগাৰ লগতে মাত্ৰ এটা আলট্ৰাচাউণ্ড মেচিনকে দৈনিক সহস্ৰাধিক ৰোগীৰ বাবে ব্যৱহৃত কৰি অহাত চিকিৎসালয়খনত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ ৷ ইয়াৰ পাছতো অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ গা নলৰাৰ বাবে আজি পুনৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই চিকিৎসা মহাবিদ্যালয়খনিত বন্ধ হৈ থকা স্নায়ুৰোগ চিকিৎসা বিভাগ মুকলি, স্নায়ু শৈল্য চিকিৎসা বিভাগ মুকলি, অতিৰিক্ত আলট্ৰাচাউণ্ড মেচিন স্থাপন ইত্যাদি বহুকেইটা দাবীৰে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ(AASU sent Memorandum to Assam CM)৷

Memorandum to Assam CM: যোৰহাট চিকিৎসা মহাবিদ্যালয় সমস্যা বিৰুদ্ধে সৰৱ আছু

জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ আৰু সাধাৰণ সম্পাদক অৰ্জুনমনি ভূঞাৰ স্বাক্ষৰ সম্বলিত এক স্মাৰকপত্ৰ যোৰহাট জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে(Assam CM Himanta Biswa Sarmah) । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ যোৰহাট জিলাৰ সভাপতি-সম্পাদকে উল্লেখ কৰে যে, যোৰহাট নগৰস্থিত যোৰহাট চিকিৎসা মহাবিদ্যালয়খন দৰাচলতে যোৰহাটবাসী ৰাইজৰ লগতে জিলাৰ দাঁতিকাষৰীয়া ৰাইজৰ বাবেও চিকিৎসা সেৱা গ্ৰহণৰ ক্ষেত্ৰত আশাৰ থলী হিচাপে পৰিগণিত হৈ আহিছে ।

অতি দুৰ্ভাগ্যজনকভাৱে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকে চাকৰিৰ পৰা অব্যহতি লোৱাৰ পাছৰ পৰা নিস্ক্ৰিয়প্ৰায় হৈ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ুৰোগ বিভাগ, প্ৰধানকৈ স্নায়ু শৈল্য চিকিৎসা বিভাগ বন্ধ থকাৰ পাছতো আজিলৈকে সক্ৰিয় নোহোৱা বিষয়টোত ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু বিভাগ দুটাৰ লগতে লেহেমীয়া গতিৰে চলি থকা ৰেডিঅ'লজী বিভাগটোৰ ৫ টা আলট্ৰাচাউণ্ড মেচিনৰ মাত্ৰ ১ টা মেচিনহে বৰ্তমান কার্যক্ষম হৈ আছে ৷ যাৰ ফলত ৰোগীসকলে বিভিন্ন সময়ত দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে । সেয়েহে উপযুক্ত আন্তঃগাঁঠনি নথকাৰ বাবে সকলো সুবিধা পোৱাৰ পৰা বঞ্চিত হোৱা ৰোগীসকলৰ সৰ্বদিশৰ সুবিধাৰ স্বাৰ্থত অতিশীঘ্ৰে অতিৰিক্ত আলট্ৰাচাউণ্ড মেচিন যোগানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিষ্ক্ৰিয় হৈ থকা অতি গুৰুত্বপূৰ্ণ স্নায়ুৰোগ বিভাগ আৰু স্নায়ু শৈল্য চিকিৎসা বিভাগ দুটা উপযুক্ত বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰে সক্ৰিয় কৰাৰ দাবী তুলিছে যোৰহাট আছুয়ে ৷

লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন পূৰ্ণাংগ ৰুপে গঢ়ি তুলি অতি শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰিব লাগে বুলিও ছাত্ৰনেতাদ্বয়ে ব্যক্ত কৰে । একেটা বিবৃতিতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দীপ দত্তই কয় যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়খনি কেৱল যোৰহাট জিলাৰে নহয়, দাঁতিকাষৰীয়া জিলাৰ ৰোগীৰ বাবেও আশাৰ থলী ৷ তেনেস্থলত দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ বন্ধ, উপযুক্ত চিকিৎসা সা-সৰঞ্জাম নথকাৰ বাবে ৰাইজে গাঁঠিৰ ধন ভাঙি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হোৱা পৰিলক্ষিত হৈছে ।

সেয়েহে অতিশীঘ্ৰে স্বাস্থ্য বিভাগ তথা চৰকাৰে ৰাইজৰ মৰ্ম-বেদনা উপলব্ধি কৰি অনতিপলমে যোৰহাট চিকিৎসা মহাবিদ্যালয়খনিক পূৰ্ণাংগ ৰূপ প্ৰদান কৰি উপযুক্ত আন্তঃগাঁঠনি গঢ়ি তোলাৰ লগতে সকলো চিকিৎসা সুবিধা উপলব্ধ কৰোৱাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:Z Plus security: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ সুৰক্ষা

ABOUT THE AUTHOR

...view details