অসম

assam

ETV Bharat / state

কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে - protest against citizenship amendment bill

কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ দেশ তথা ৰাজ্যৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছিল অসমৰ প্ৰতিবাদমুখী সাধাৰন জনতা ৷ পিছ পৰি ৰোৱা নাছিল যোৰহাট জিলাৰ টীয়কো ৷ দেশৰ স্বাৰ্থত ৰাজপথতে আত্মবলিদান দি শ্বহীদ হৈছিল টীয়কৰ বনাইৰ ৰাজেন বৰুৱা ৷ শুকুৰবাৰে প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় বনাইস্থিত বাসগৃহত ৷

AASU remembered the first Martyr of the CAA Movement
কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে

By

Published : Dec 11, 2020, 9:16 PM IST

টীয়ক, 11 ডিচেম্বৰ : ৰাজ্যত কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ২০১৯ বৰ্ষত সমগ্ৰ অসম প্ৰতিবাদমুখৰ হৈ পৰিছিল । দেশ তথা ৰাজ্যৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছিল সাধাৰন জনতা ৷ পিছ পৰি ৰোৱা নাছিল যোৰহাট জিলাৰ টীয়কো ৷ কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ আছিল টীয়কৰ বনাইৰ ৰাজেন বৰুৱা ৷

কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে

শুকুৰবাৰে কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ টীয়কৰ বনাইস্থিত বাসগৃহত শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ প্ৰতিনিধিসকলে বাসগৃহত উপস্থিত হৈ ৰাজেন বৰুৱাৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰে । অঞ্চলতোৰ স্থানীয় লোকৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰত্যাহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ ৷

কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে

2019 চনৰ কা আন্দোলনত দেশৰ হকে ৰাজপথত আত্মবলিদান দিয়া টীয়কৰ ৰাজেন বৰুৱাক সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমজন শ্বহীদ হিচাপে ঘোষণা কৰিছিল ৷ কিন্তু আন্দোলনৰ এবছৰ উকলি যোৱাৰ পাছতো ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৰাজেন বৰুৱাৰ পৰিয়ালটোলৈ ৷ কা আন্দোলনৰ ঘোৰ বিৰোধিতা কৰি নিজৰ জীৱন দিয়া শ্বহীদ গৰাকীৰ পৰিয়ালটোলৈ ৰাজ্য চৰকাৰৰ অৱহেলাত ক্ষোভ প্ৰকাশ কৰিছে আছুৰ নেতৃত্বই ৷

কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে আছুৱে

উল্লেখ্য যে, ৰাজ্যত কৰ'ণা মহামাৰীৰ বাবে স্তিমিত হোৱা কা আন্দোলন পুনৰ গঢ়ি তোলাৰ বাবে 30টাকৈ জনগোষ্ঠীয় সংগঠন একতৃত হৈছে ৷ পুনৰ দেশ তথা জাতি ৰক্ষাৰ বাবে অসমৰ জনসাধাৰণক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক:কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details