অসম

assam

ETV Bharat / state

মৰিয়নীত আছুৰ বিক্ষোভ প্ৰদৰ্শন - মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা

মৰিয়নী নগৰৰ একমাত্ৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৱাসিক চিকিৎসক নথকাৰ ফলত সমস্যাৰ সন্মুখীন হৈ আহিছিল স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ লগতে স্থানীয় আছু গোটে এইক্ষেত্ৰত প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক আবেদন জনাইয়ো সুফল লাভ কৰা নাছিল ৷ যাৰ বাবে বৃহস্পতিবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় আছু গোটে ৷

মৰিয়নী আছুৰ প্ৰতিবাদ

By

Published : Nov 8, 2019, 3:29 AM IST

Updated : Nov 8, 2019, 8:33 AM IST

মৰিয়নী, 7 নৱেম্বৰঃবৃহত্তৰ মৰিয়নী নগৰৰ একমাত্ৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনত নাই এগৰাকীও আৱাসিক চিকিৎসক ৷ দুমাহ পূৰ্বে চিকিৎসালয়খনত থকা একমাত্ৰ চিকিৎসকজনকো বদলি কৰে স্বাস্থ্য বিভাগে ৷ এইবিষয়ে স্বাস্থ্য বিভাগ তথা প্ৰশাসনক বহুটো আবেদন জনোৱাৰ পিচতো সুফল লাভ কৰা নাই মৰিয়নীবাসী ৰাইজে ৷ যাৰ ফলত অঞ্চলটোৰ বহুসংখ্যক ৰোগী সমস্যাৰ সন্মুখীন হৈছে ৷

মৰিয়নী আছুৰ প্ৰতিবাদ

লগতে পঢ়কঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

চিকিৎসক নথকাৰ ফলত চিকিৎসালয়খনৰ দুগৰাকী নাৰ্ছ আৰু এজন ফাৰ্মাচিষ্টে ৰোগীসকলক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ ঘটনা সন্দৰ্ভত মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত আবেদন দাখিল কৰি এগৰাকী চিকিৎসক প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷ কিন্তু আছু গোটৰ লগতে স্থানীয় ৰাইজৰ আবেদনৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে স্বাস্থ্য বিভাগে ৷ যাৰ বাবে বৃহস্পতিবাৰে মৰিয়নী আছুৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷

অতি শীঘ্ৰেই মৰিয়নী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত আৱাসিক চিকিৎসক নিযুক্তি,খালী হৈ থকা নাৰ্ছৰ পদসমূহ পূৰণ কৰা,ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ পৰিৱৰ্তে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হিচাপে নামাকৰণ কৰা আৰু মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত খালী হৈ থকা পদসমূহ পূৰণ কৰা, 5 টা দাবীৰে এখন স্মাৰকপত্ৰ ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে মৰিয়নী আছুৱে ৷

Last Updated : Nov 8, 2019, 8:33 AM IST

ABOUT THE AUTHOR

...view details