অসম

assam

By

Published : Aug 10, 2020, 5:01 PM IST

ETV Bharat / state

বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

বিদ্যুতৰ অনিয়মীয়া যোগানত অতিস্থ হৈ অৱশেষত প্ৰতিবাদৰ বাবে ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি । বিভাগটোৰ যোৰহাট জিলাৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে ছাত্ৰ সন্থাৰ এটা প্ৰতিবাদী দলে বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

aasu protest in front of aseb jorhat
বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

যোৰহাট,১০আগষ্ট: নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া ইছ্যু সমূহৰ এটা মূল প্ৰতিশ্ৰুতি আছিল বিদ্যুতৰ যোগান নিয়মীয়া কৰা । ২৪ ঘণ্টাই বিদ্যুৎ যোগানেৰে উজ্বলাই তুলাৰ আশ্বাস এতিয়া হৈ পৰিল অসাৰ । ২৪ ঘণ্টাতো বাবেই দিনটোত একে লেঠাৰিয়ে ৪ঘণ্টাও নাথাকে বিদ্যুতৰ যোগান । বিদ্যুতৰ এনে লুকা ভাকুত অতিস্থ হৈ অৱশেষত শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি ।

বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

সোমবাৰে ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে বিদ্যুৎ বিভাগৰ কায্যালয়ৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

বিদ্যুতৰ যোগান নিয়মীয়াকৰণৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

শক্তি বিভাগৰ এনে বিফলতাক গৰিহনা দি প্ৰতিবাদী ছাত্ৰ সকলে বিভাগটোক দিলে সকীয়নি । অতি শীঘ্ৰেই বিদ্যুতৰ যোগান নিয়মীয়া নকৰিলে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰাৰো দিলে হুংকাৰ । প্ৰতিবাদৰ অন্তত ছাত্ৰ সন্থাৰ প্ৰতিবাদী দলটোৱে বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে বিভাগটোৰ জিলা সংমণ্ডল বিষয়া গৰাকীক ।

ABOUT THE AUTHOR

...view details