অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী অসম আগমনৰ দিনাই যোৰহাটত আছুৰ প্ৰতিবাদ - যোৰহাটত আছুৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী অসম আগমনৰ দিনাইযোৰহাটত আছুৰ বিক্ষোভ কাৰ্যসূচী । অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, বৃহৎ নদীবান্ধৰ সমস্যা সমাধান আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত জিলা ছাত্ৰ সন্থাৰ ৷

aasu_protest
aasu_protest

By

Published : Feb 22, 2021, 2:31 PM IST

যোৰহাট, ২২ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমনৰ দিনাই প্ৰতিবাদমুখৰ হৈ পৰিল যোৰহাট জিলা ছাত্ৰ সন্থা । যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত জিলা ছাত্ৰ সন্থাৰ ৷ বিশেষকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, বৃহৎ নদীবান্ধৰ সমস্যা সমাধান আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত যোৰহাট জিলা ছাত্ৰ সন্থাই ক’লা পতাকা উৰুৱাই ক’লা বেজ পৰিধান কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

যোৰহাটত আছুৰ প্ৰতিবাদ

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈযে কয় যে বান গৰাখহনীয়াই জনসাধাৰণক বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত কৰি আহিছে ৷ সমগ্ৰ অসমৰ লগতে মাজুলীৰো বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ এই বান গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াক সমাধান কৰিবৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে বান খহনীয়াত ক্ষতিগ্ৰস্তক সকাহ দিবলৈ কেন্দ্ৰই যাতে পৰ্যাপ্ত ধনৰাশি মুকলি কৰি দিয়ে তাৰ দাবী জনায় আৰু সমান্তৰালভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৷

সোমবাৰৰ এই প্ৰতিবাদত যোৰহাট জিলা ছাত্ৰ সন্থাই বৃহৎ নদীবান্ধ বন্ধ কৰক, অসম চুক্তি ৰূপায়ণ কৰক, ৬ নং দফা কাৰ্যকৰী কৰক, বান গৰাখহনীয়া সমস্যা সমাধান কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে ক’লা বেজ পৰিধান কৰি ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, সোমবাৰে ধেমাজি আৰু চিলাপথাৰৰ দুখনকৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । এই সভাত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি প্ৰায় সংখ্যক বিজেপি নেতা উপস্থিত থাকে । ইয়াৰ পূৰ্বে ২৩ জানুৱাৰী আৰু ৭ ফেব্ৰুৱাৰীত মোডীয়ে দুবাৰকৈ অসম ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক:কাৰ টিকটেৰে নিৰ্বাচন খেলিবলৈ সাজু ৰুমী নাথ ?

ABOUT THE AUTHOR

...view details