যোৰহাট, 11আগষ্ট :পেট্ৰ’ল-ডিজেলকে (Petrol-Diesel) ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দৈনিক বিভিন্ন দল-সংগঠনে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে, ক’ৰণা মহামাৰীৰ সময়ত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ বাবে ঘৰতে গৃহবন্দী হৈ থাকিবলগীয়া হৈছে সাধাৰণ জনতা ৷
যাৰ ফলত অথনৈতিকভাৱে জৰুলা হৈ পৰা সাধাৰণ জনতাক এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে একেবাৰে কোঙা কৰি পেলাইছে ৷ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থা ৷ বুধবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগেত ইন্ধনজাত সমাগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ ছাত্ৰ-সন্থাৰ সদস্যসকলে অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই , ৰণজিৎ দাস মুদাবাদ, অসম চৰকাৰ কাম নাই, মূল্যবৃদ্ধি ৰোধ কৰক আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি (BJP) মিত্ৰজোঁট চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে আছুৰ নেতাসকলে ৷ দেশত ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে ৰাজ্যৰ সাধাৰণ ৰাইজ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৷ তেনে সময়তে প্ৰত্যেক দিনাই পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি পাইছে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰৰ কোনো কাণসাৰ নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
আনহাতে, মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সাধাৰণ ৰাইজৰ সমস্যাক বুঢ়া আঙুলি দেখুৱাই নিজৰ গাদী ৰক্ষা কৰাতহে ব্যস্ত বুলি তীব্ৰ কটাক্ষ কৰে আছু কৰ্মীসকলে ৷ ইপিনে প্ৰতিবাদৰ অন্তত উপায়ুক্তৰ জৰিয়তে যোৰহাট জিলা ছাত্ৰ-সন্থাই অসম চৰকাৰৰ যোগান বিভাগলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে আছুৰ কৰ্ম-কৰ্তাই ৷
লগতে পঢ়কঃ সাময়িক নিলম্বনৰ পাচত আন এক বিতৰ্কত বিনেশ ফোগট