যোৰহাট,২৬ আগষ্ট :বিভিন্ন সময়ত অইল ইণ্ডিয়া লিমিটেডে (Oil India Limited) থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে বহু সংগঠনে মাজে সময়ে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ একেটা অভিযোগতে সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
যোৰহাটত অইল ইণ্ডিয়াৰ ৩ নং পাম্পিং ষ্টেচন গেটত ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । অইল ইণ্ডিয়া লিমিটেডে প্ৰকাশ কৰা চাকৰিৰ বিজ্ঞাপনত অইল সৰবৰাহ অঞ্চল হোৱা স্বত্বেও যোৰহাট জিলাৰ নাম ষড়যন্ত্ৰমূলক ভাৱে কৰ্তন কৰি জিলাখনৰ অৰ্হতা সম্পন্ন নিবনুৱাকসকলক চাকৰিৰ আবেদন দাখিলৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে । অইল ইণ্ডিয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৱে ।