যোৰহাট,30জুলাইঃ অসমীয়া জাতিৰ প্ৰতি শংকা নমাই আনিব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ কঁপিল ৰাজপথ । কৰ’ণা মহামাৰী সংক্ৰমণৰ ফলত স্তিমিত হৈ পৰা CAA বিৰোধী আন্দোলন পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা দেখিবলৈ পোৱা গৈছে ৷
যোৰহাটত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - ৩০ জনগোষ্ঠীয় জাতীয় সংগঠন
ৰাজ্যত পুনৰ কা-আন্দোলনৰ উকমুকনি ৷ উমি উমি জ্বলি থকা আন্দোলনৰ জুইকুৰা আকৌ প্ৰজ্বলিত হোৱা দেখিৱলৈ পোৱা গৈছে ৷ যোৰহাট ছাত্ৰ সন্থাৰ আৰু 30 টা জনগোষ্ঠীয় জাতীয় সংগঠনৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷
যোৰহাটত CAA বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
বৃহস্পতিবাৰে যোৰহাটৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থাই সমগ্র জিলা খনৰ আঞ্চলিক সমিতিৰ লগতে ৩০ জনগোষ্ঠীয় জাতীয় সংগঠনৰ লগত একগোট হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
লগতে পঢ়কঃ হাইলাকান্দিত মৃত মহিলাৰ দেহত কৰ’ণা ভাইৰাছ