যোৰহাট, 20 জানুৱাৰীঃ যোৰহাট পৌৰসভাত ব্যাপক দুৰ্নীতিৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ । সোমবাৰে সংগঠনটোৱে সংবাদমেল সম্বোধন কৰি উদঙালে বিজেপি নেতৃত্বাধীন পৌৰসভাৰ বৃহৎ কেলেংকাৰী ।
উল্লেখ্য যে, সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জূল খাউণ্ডৰ লগতে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই উদঙালে বিজেপিৰ দ্বাৰা পৰিচালিত যোৰহাট পৌৰসভাৰ দুৰ্নীতি। চহৰখনত যানজঁটৰ পৰা ৰক্ষা পাবলৈ কংগ্ৰেছ চৰকাৰ শাসনকাল অৰ্থাৎ ২০১৩ চনত ১০.৫ কোটি টকা ব্যয় সাপেক্ষে বহু মহলীয়া পাৰ্কিং প্লেচৰ আধাৰশিলা স্থাপন কৰে । কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল পাৰ্কিং প্লেচটো ৷
আনহাতে, সংবাদমেলত ছাত্ৰ সংন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰে পৌৰসভাৰ বিপক্ষে । অভিযোগ অনুসৰি, পাৰ্কিং প্লেচটোৰ নিৰ্মাণৰ নামত আৰম্ভণি পৰ্যায়ত ১.৫০ কোটি নিবিদা লাভ কৰা গৌতম ভট্ৰই মোকলাই নিছিল ৩.৫০ কোটি টকা । ইয়াৰ উপৰিও ২০১৯ চনত অতিৰিক্ত ৩ কোটি মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে । কিন্তু শূণ্য সহনশীলতাৰ নীতি নিয়ম মানি চলা বিজেপিৰ পৌৰসভাই প্ৰকল্পটো পুনৰীক্ষণ নকৰাকৈয়ে পুনৰ সেই বেংক গেৰান্টি নথকা ঠিকাদাৰ জনক নিৰ্মাণ কাৰ্য চলাই যাবলৈ দিয়া নিৰ্দেশে ক্ষোভিত কৰিছে সংগঠনটোক ৷
যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ আছুৰ তাৰোপৰি শেহতীয়াকৈ কোনোধৰণৰ নিবিদা অবিহনে জনৈক সিং উপাধিৰ ঠিকাদাৰজনক জমা থকা ধনৰ প্ৰায় ১.৫০ কোটি টকা মোকলাই দিবলৈ জো-যা চলাইছে বুলি উল্লেখ কৰে আছুৱে । যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ কেলেংকাৰী সন্দৰ্ভত স্বেতঃপত্ৰ প্ৰকাশ কৰিবলৈ দাবী কৰাৰ লগতে বিত্তীয় মন্ত্ৰীক শীঘ্ৰে পৌৰসভাৰ কেলেংকাৰী সম্পৰ্কীয় ৰাজহুৱা গণনা কৰিবলৈ দাবী জনায় ৷
আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ