যোৰহাট,17 জানুৱাৰী : আজি শিল্পী দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে বিশ্ববৰেণ্য শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ সমান্তৰালকৈ যোৰহাটত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কেন্দ্ৰীয় শিল্পী দিৱস ৷ যোৰহাটত শংকৰদেৱ চেমিনাৰি স্কুলৰ খেলপথাৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে পালন কৰা হৈছে শিল্পী দিৱস ৷ দেওবাৰে শিল্পী দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ৷
যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন - AASU celebrated Silpi diwas at Jorhat
শিল্পী দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ৷
উল্লেখ্য যে,শিল্পী দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ কুমাৰ নাথে আৰু শ্বহীদ তৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ পাছতে বাৰে ৰহণীয়া সাংস্কৃতিক শোভা যাত্ৰা মুকলি কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ৷
লগতে পঢ়কঃসংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা