অসম

assam

ETV Bharat / state

যোৰহাটত ছাত্ৰ সন্থাৰ বাইক ৰেলী - উত্তাল ৰাজ্যৰ ৰাজপথ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ । যোৰহাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ছাত্ৰ সন্থাৰ বাইক ৰেলী । জাতিধ্বংসী আইন বাতিল নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ ।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

By

Published : Mar 20, 2021, 5:44 PM IST

যোৰহাট,২০ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শনিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । যোৰহাটতো জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্র সন্থাই বাইক ৰেলী উলিয়ায় । সংগঠনটোৰ শতাধিক কৰ্মীয়ে উত্তাল কৰি তোলে যোৰহাটৰ ৰাজপথ ।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

যোৰহাট নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী উলিওৱা হয় । যোৰহাট নগৰৰ লগতে কাষৰীয়া প্ৰায় ৫০ কিল’মিটাৰ পথ পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ । এই প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । আগন্তক দিনত 'কা' ৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়ক: নাওবৈচাত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন ৰাও গজেন্দ্ৰ সিঙৰ

ABOUT THE AUTHOR

...view details