অসম

assam

ETV Bharat / state

AASAA Stages Protest at Mariani : মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰি আদিবাসী ছাত্ৰ সন্থাই ঝালিংগা কোম্পানীৰ মইমতালি আৰু প্ৰাপ্য অধিকাৰৰ পৰা চাহ শ্ৰমিক সকলক বঞ্চিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

AASAA Holds Protest at Naginijan Tea Estate
নাগিনীজান চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Aug 21, 2023, 7:54 PM IST

মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত প্ৰতিবাদ

যোৰহাট, 21 আগষ্ট : চাহ উদ্যোগলৈ অনবদ্য অৱদান আগৱঢ়াই অহা বৃহত্তৰ চাহ জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে বাগিচা মালিক কৰ্তৃপক্ষ আৰু ৰজাঘৰীয়াই ৷ এই গুৰুতৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ বঞ্চনা আৰু দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

কৰ্মৰত শ্ৰমিক সকলক আজিও বাগিচা কৰ্তৃপক্ষ তথা ঝালিংগা কোম্পানীয়ে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান নকৰা আৰু দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ নকৰাৰ অভিযোগ তুলি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত নকছাৰী আঞ্চলিক শাখা আৰু বৃহত্তৰ নাগিনীজান চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে সোমবাৰে নাগিনীজান চাহ বাগিচাৰ সন্মুখত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদ সাব্যস্ত কৰি আদিবাসী ছাত্ৰ সন্থাই ঝালিংগা কোম্পানীৰ মইমতালি আৰু প্ৰাপ্য অধিকাৰৰ পৰা চাহ শ্ৰমিক সকলক বঞ্চিত কৰাত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

আনহাতে শীঘ্ৰেই চাহ শ্ৰমিক সকলক প্ৰাপ্য গ্ৰেচুইটি প্ৰদান কৰা আৰু চাহ বাগিচাখনত এখন এম্বুলেঞ্চ প্ৰদান কৰিবলৈ দাবী উথাপন কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাই ৷ ইয়াৰ লগতে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনে ভুগি থকা মৌলিক সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে ৰাজ্যৰ একাংশ চাহ শ্ৰমিক ৰাইজে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকি জীৱন সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে বুলিও সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে ৷ যদিহে ঝালিংগা কোম্পানীয়ে শীঘ্ৰেই চাহ শ্ৰমিক সকলৰ সমস্যা সমাধান নকৰে তেতিয়া হ'লে আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে প্ৰতিবাদস্থলীৰ পৰা ৷

সোমবাৰে হোৱা এই প্ৰতিবাদত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Price hike in Assam: লাহৰীঘাটত মূল্যবদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ অৰ্ধ উলংগ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details