অসম

assam

ETV Bharat / state

টীয়কত আছাৰ উদ্যোগত সজাগতা সভা

টীয়ক চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আইন সংক্ৰান্তীয় এখন সজাগতা সভা অনুষ্ঠিত ৷ কোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ আহ্বান সংগঠনটোৰ

By

Published : Sep 5, 2019, 11:00 AM IST

আছাৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

টীয়ক, 05 চেপ্তেম্বৰঃ বুধবাৰে টীয়ক চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আইন সংক্ৰান্তীয় এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাৰ জৰিয়তে সংগঠনটোৱে বাগিচা খনৰ শ্ৰমিক সকলক কোনো পৰিস্থিতিতে আইন হাতত তুলি নল'বলৈ আহ্বান জনায় ৷ যোৱা 31 আগষ্টত বাগিচা খনত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পাছতেই সংগঠনটোৱে গ্ৰহণ কৰা এই পদক্ষেপক সহযোগিতা কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে টীয়ক পৌৰসভা তথা প্ৰশাসনে । উল্লেখযোগ্য যে, বাগিচা খনত সংঘটিত হোৱা বৰ্বৰ ঘটনাক বিৰোধিতা কৰিবলৈ গৈ আলফাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকক যি সকীয়নি দিছে সেয়া অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আছাৰ নেতৃত্বই ৷

আছাৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

ABOUT THE AUTHOR

...view details