যোৰহাট, 24 আগষ্ট : ৰাজ্যৰ চাহ বাগিচাসমূহত কিমান সুৰক্ষিত চাহ শ্ৰমিকসকল ? চাহ বাগিচাসমূহত ময়না নায়কৰ দৰে অনুৰূপ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে ৷ যোৱা 22 আগষ্টত তিতাবৰ মহকুমাৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰত এজন শ্ৰমিকজনে কাম কৰি থকাৰ সময়তে কলঘৰৰ চিটিচি মেচিনত শ্ৰমিকজনৰ সোঁ ভৰি সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ভাস্কৰ মাহান্তি ৷ এই ঘটনাৰ পিচতে শ্ৰমিকজনক আহত অৱস্থাত উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
এই ঘটনাৰ পিচতে চাহ বাগিচাখনত শ্ৰমিকসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ বৃহস্পতিবাৰে ভাস্কৰ মাহান্তিৰ ক্ষতিপূৰণ আৰু চাহ শ্ৰমিকৰ সুৰক্ষা বিচাৰি চাহ শ্ৰমিকৰ সহযোগত আদিবাসী ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
যোৰহাট জিলাৰ লেটেকুজানত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ফেক্টৰীসমূহত কোনো সুৰক্ষাৰ ব্যৱস্থা নথকাৰ বাবে এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈছে বুলি ক্ষোভ উজাৰে । অসম চাহ মজদুৰ সংঘৰ লগতে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে সংগঠন দুটাই ।