টীয়ক, 22 ফেব্ৰুৱাৰী: "মই কি কৰিলো নিজেই গম নাপালো ৷ আমি মদ খাই আছিলো ৷ মই কটাৰীৰে দুঘাপত ডিঙিটো ছিঙি দিলো ৷ সি মোক গাত লগাকৈ কথা কৈছিল ৷ সি মোৰ ঘৰৰ কথা মোৰ বাইদেউৰ কথা লৈ বেয়া বেয়াকৈ কৈছিল ৷ সি মোক প্ৰথমে কাটিম বুলি কৈছিল ৷ তাৰ পিচত মইয়েই কাটিম বুলি ভাবি লৈ কাটি দিলো ৷" অন কেমেৰা ঘাতক লোহিতৰ অকপট স্বীকাৰোক্তি ৷
ৰাজ্যজুৰি ইটোৰ পিচত হত্যাকাণ্ডৰ ঘটনাই কঁপাই গৈছে সাধাৰণ জনতাক (Brutal murder in Teok) ৷ টীয়কৰ যাদুবপুৰ গান্ধী গাঁৱত মঙলবাৰে নিশা লোহিত গগৈ নামৰ এজন যুৱকে বন্ধুৰ ছিন্নমুণ্ড স্কুল বেগত ভৰাই থানালৈ আনি থকা অৱস্থাত বাটতে আৰক্ষীক ৰখাই নিজেই মূৰটো গতাই দিয়া ঘটনাই যোৰহাট জিলাকে ধৰি সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে (Man arrested for killing friend) ৷
ঘটনা অনুসৰি দুয়ো মঙলবাৰে দুপৰীয়া সুৰাপান কৰি লোহিতে মাতৃক টকা বিচাৰিছিল ৷ পিচে মাতৃয়ে টকা দিবলৈ অমান্তি হোৱাত লোহিতে পূৰ্বৰ দৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি নানা ভয় ভাবুকিৰে মাকৰ পৰা টকা লৈছিল (Teok murder case)। লোহিতে প্ৰায় সুৰাসক্ত হৈ ঘৰত হুলস্থুল কৰে আৰু পৰিয়ালৰ সদস্যই উৎপাত সহ্য কৰিব নোৱাৰি দাঁতিকাষৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগীয়াও হয় ৷
লোহিতক টকা প্ৰদান কৰি মাতৃ আৰু ভগ্নী ঘৰৰ পৰা ওলাই আহে ৷ মাকৰ পৰা পইচা লৈ লোহিতে বন্ধু ফাইৰ লগত সুৰাপান কৰিবলৈ বুলি ঘৰৰ বাৰীৰ পিচফালে বহে ৷ সুৰাপান কৰি থকাৰ সময়তে লোহিত আৰু ফাইৰ মাজত কোনো কথাক লৈ বিতৰ্কৰ সৃষ্টি হয় ৷ এই বিতৰ্কই চৰম ৰূপ লোৱাত লোহিত হাতত থকা কটাৰীৰে ঘপিয়াই বন্ধু ফাইৰ মূৰটো শৰীৰৰ পৰা বিছিন্ন কৰে ৷