অসম

assam

ETV Bharat / state

তিতাবৰত বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা - তিতাবৰ বন-বিষয়া

তিতাবৰ বন্য হস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা ৷ তিতাবৰ মহকুমা অন্তৰ্গত ঢলি চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় সুমন কৰ্মকাৰ নামৰ এগৰাকী মহিলা ৷ অনমল কৰ্মকাৰ নামৰ তিনিবছৰীয়া এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

পুনৰ হাতী মানুহৰ সংঘাত

By

Published : Aug 31, 2019, 2:41 PM IST

তিতাবৰ, 31 আগষ্টঃবন্য হস্তীৰ আক্ৰমণত নিহত মহিলা ৷ তিতাবৰ মহকুমা অন্তৰ্গত ঢলি চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত নিহত হয় সুমন কৰ্মকাৰ নামৰ এগৰাকী মহিলা ৷ লগতে অনমল কৰ্মকাৰ নামৰ তিনিবছৰীয়া এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ মৰিয়নী গিব্বন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে কেইবাদিনো ধৰি ঢলি চাহ বাগিচাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এগৰাকী মহিলা প্ৰাণ যোৱাৰ লগতে আৰু এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ‘বলগীয়া হ‘ল ৷ স্থানীয় ৰাইজে তিতাবৰ বন-বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

পুনৰ হাতী মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details