নগাঁও,24 নৱেম্বৰঃনগাঁৱৰ বঢ়মপুৰৰ ৰায়তীসকলৰ ভূমি এটা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ প্ৰতিবাদত নগাঁৱত সোমবাৰৰ পৰা গ্ৰহণ কৰিছে আমৰণ অনশন। বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্টৰ বৃহৎ কৃষিভূমিত হঠাৎ কোম্পানীৰ বুলডজাৰ চলোৱাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বৃহৎ ধাননি পথাৰত হঠাৎ বুলডজাৰ চলোৱাৰ প্ৰতিবাদত সোমবাৰৰ পৰা নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীত মিকিৰ বামুনি অঞ্চলৰ পুৰুষ মহিলায়ো অংশগ্ৰহণ কৰে।
কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ - বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্ট
বঢ়মপুৰৰ মিকিৰ বামুনি গ্ৰাণ্টৰ বৃহৎ কৃষিভূমিত হঠাৎ কোম্পানীৰ বুলডজাৰ চলোৱাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বৃহৎ ধাননি পথাৰত হঠাৎ বুলডজাৰ চলোৱাৰ প্ৰতিবাদত সোমবাৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে একাংশ লোকে ৷
![কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9646350-thumbnail-3x2-ngn.jpg)
কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ
ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ
অনশনৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। আলোচনাত তেওঁলোকে জনোৱা দাবীসমূহ মানি নল'লে আমৰণ অনশন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক ৰকিবুল ৱাহিদ ৷
লগতে চাওকঃ ভগৱানে মোৰ ঘৰত ছোৱালী দিলে কিন্তু দেউতাক লৈ গ’ল : গৌৰৱ গগৈ