টীয়ক, 15 জুন : এজন বহিঃৰাজ্যৰ ট্ৰাক চালকে অসমলৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথতে পুণৰ অসমলৈ নাহে বুলি কাণত ধৰি পণ লৈছে । তেওঁ কৈছে লগৰ সকলে অসমলৈ নাহিবলৈ তেওঁক বাৰম্বাৰ বাধা দিছিল যদিও তেওঁলোকৰ কথা নুশুনি তেওঁ পেটৰ তাৰণাত অসমলৈ আহিছিল যদিও সেয়া ভুল কৰিছিল তেওঁ ।
উল্লেখযোগ্য যে, সোমবাৰে নিশা ডিব্ৰুগড়ৰ পৰা গাজিয়াবাদলৈ গৈ থকা অৱস্থাত মালবাহী ট্ৰাকখন টীয়কৰ হাঁহচৰা অঞ্চলত যথেষ্ট ক্ৰতিপূৰ্ণভাৱে নিৰ্মিত চাৰিলেনযুক্ত পথৰ মাজত সৃষ্টি হোৱা দ’ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্থ হয় । ফলত নিশাটো নাখাই নবৈ পথতে কটাবলগীয়া হৈছে চালক সহ হেণ্ডিমেনজন ।
ইপিনে পুৱা খাদ্যৰ সন্ধানত ঘূৰি ফুৰোতেই টীয়কৰ একাংশ সংবাদকৰ্মীয়ে প্ৰত্যক্ষ কৰি তেওঁলোকৰ খোৱাৰ যোগাৰ কৰি দিয়ে লগতে গাড়ীখন মেৰামতি কৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায় । তেনে সময়তে চালকজনে সংবাদকৰ্মী কেইজনৰ সন্মুখত অসমলৈ পুনৰ নাহে বুলি ক্ষোভ উজাৰি বহিঃৰাজ্য সমূহলৈ গৈ অসমৰ বিষয়া মন্ত্ৰীসকলক কেনেকৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰে চাই আহি অসমত পথ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে ।