টীয়ক, 13 আগষ্ট:যোৱা 11 আগষ্টৰ নিশা যকৃতনিত ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লৈছিল টীয়কৰ জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাই ৷ জ্যেষ্ঠ সাংবাদিক গৰাকীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ যোৰহাটবাসীৰ লগতে, সংবাদ মাধ্যমৰ লগত জড়িত লোকসকল ৷ ১৯৭৯ চনত জন্মগ্ৰহণ কৰা মৃদুল বৰুৱা আছিল এগৰাকী সুদক্ষ গীটাৰ বাদকো ৷ সুদীৰ্ঘ ১২ বছৰ সাংবাদিকতা কৰি বৃহত্তৰ টীয়কৰ সমাজ জীৱনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে তেওঁ ৷
টীয়কত শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাক - সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱা
সুদীৰ্ঘ ১২ বছৰ সাংবাদিকতা কৰি বৃহত্তৰ টীয়কৰ সমাজ জীৱনলৈ বহু অৱদান আগবঢ়াই থৈ যোৱা সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক মৃদুল বৰুৱাৰ সোঁৱৰণত বুধবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে টীয়ক প্ৰেছ ক্লাৱে ৷
এই বহুমুখী প্ৰতিভাৰ অধিকাৰীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বুধবাৰে টীয়ক প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক গৰাকীৰ সোঁৱৰণত, টীয়ক নগৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক বাছ আস্থানৰ প্ৰাংগণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ যোৰহাট জিলাৰ প্ৰায় 49 টা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে, বহু ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ লোকে অংশগ্ৰহণ কৰে বুধবাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷ যোৰহাট জিলা ই-মিডিয়া, টীয়ক প্ৰেছ ক্লাৱ তথা তেওঁৰ শুভাকাংক্ষী সকলে তেওঁৰ পৰিয়ালক আগবঢ়ায় এককালীন সাহায্য ৷ আগন্তুক দিনত তেওঁৰ নামত কোনো কাৰ্যপন্থা হাতত ল'ব বুলি সংবাদ মাধ্যমযোগে সদৰি কৰে যোৰহাট ই-মিডিয়াৰ সভাপতি ৰাজীৱ বৰাই ৷
লগতে পঢ়ক:স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সাত গছপুলি ৰোপন