যোৰহাট, 19 জুলাই :মৰিয়নী ৰে’ল ষ্টেচনত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ ভায়’লিনৰ সুৰৰ মূৰ্চ্ছনা । ৰে’লৰ ইঞ্জিনৰ বিকট শব্দ, কাণ তাল মৰা দীঘলীয়া উকিৰ বিপৰীতে মৰিয়নী ৰে’ল ষ্টেচনত এতিয়া শুনিবলৈ পোৱা গৈছে ভায়’লিনৰ সুৰ । এগৰাকী অন্ধ শিল্পীয়ে হাতত ভায়’লিনখন লৈ মৰিয়নী ৰে’ল ষ্টেচনত সুৰৰ মূৰ্চ্ছনা তোলা এই দৃশ্য বহু ৰে’ল যাত্ৰীয়ে অকণমাণ সময়ৰ বাবে ৰৈ হ’লেও প্ৰত্যক্ষ কৰি সন্তুষ্টি লাভ কৰিছে । বিশেষভাবে সক্ষম এইগৰাকী ব্যক্তিয়ে কাষেৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিৰে এপলকৰ বাবে হ’লেও দৃষ্টি আকৰ্ষণ কৰে ৷
ভায়’লিনখন বজাই দুবেলা দুমুঠি খুজি মাগি খাই অহা এই লোকজনৰ প্ৰতিভা দেখি আপ্লুত হৈ পৰিছে সকলো ৷ পদ পথ অথবা ৰে’ল ষ্টেচনত ব্যক্তিজনে নীৰলে এখন ভায়’লিনত বিভিন্ন কালজয়ী গীতৰ লহৰ তুলি সন্তুষ্ট কৰিছে ভাগৰুৱা পদপথৰ যাত্ৰীক । মানুহজনৰ নাম ধীৰেশ দাস । গোৰেশ্বৰ বাসিন্দা ধীৰেশ দাস । তিনিচুকীয়াৰ পৰা আহি এতিয়া মৰিয়নী ৰে’ল ষ্টেচনত বহি ভায়’লিনৰ সুৰেৰে যেন বান্ধি পেলাইছে সহস্ৰজন যাত্ৰীৰ হৃদয় । সেই সুৰে আপোনাৰ হৃদয়তো আৱেগৰ ঢৌ তুলিব ।