অসম

assam

ETV Bharat / state

টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভাৱে সক্ষম ব্যক্তিক দুব্যৱহাৰৰ অভিযোগ - সুনীল ওৰাং

এখন আবেদন দিবৰ বাবে প্ৰায় আঠ কিল'মিটাৰ খোজ কাঢ়ি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল বিশেষ ভাৱে সক্ষম ব্যক্তিজন ৷

A specially able person faced misbehave at Circle office of Jorhat
টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভাৱে সক্ষম ব্যক্তিক দুব্যৱহাৰৰ অভিযোগ

By

Published : Apr 22, 2020, 1:55 PM IST

যোৰহাট, 22 এপ্ৰিল: যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এগৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ এচাম হৃদয়ৱান মানুহৰ বাবে এনে বহুজনে জীয়াই থকাৰ প্ৰেৰণা পেৱাৰ বিপৰীতে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এগৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা আচৰণে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত ৷

টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভাৱে সক্ষম ব্যক্তিক দুব্যৱহাৰৰ অভিযোগ

ঘটনা অনুসৰি বিগত 15 এপ্ৰিলত অহা প্ৰচণ্ড ধুমুহাই তচনচ কৰিছিল টীয়ক বলমা মুঢ়া গাঁৱৰ সুনীল ওৰাং নামৰ এজন বিশেষ ভাৱে সক্ষম ব্যক্তিৰ বাসগৃহটো ৷ স্থানীয় ৰাইজে অতি দৰিদ্ৰ ব্যক্তিজনৰ বাসগৃহটো কিছু মেৰামতি কৰি দিয়ে যদিও ধুমুহাই সকলো বিধ্বস্ত কৰাৰ বিষয়ে এখন আবেদন দিবৰ বাবে প্ৰায় আঠ কিল'মিটাৰ খোজ কাঢ়ি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল বিশেষ ভাৱে সক্ষম ব্যক্তিজন ৷ কিন্তু চক্ৰ বিষয়াৰ কক্ষত বিষয়া গৰাকীক আবেদন দিব বিচৰাত এগৰাকী দালাল ৰূপী কৰ্মচাৰীয়ে ব্যক্তিজনক কক্ষটোৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়াই ৷ ইয়াৰ উপৰিও এনে কোনো আবেদন কাৰ্যালয়ত গ্ৰহণ নকৰে,কাৰ্যালয়ত জমা দি থৈ গ'লে হেৰাই থাকিব আদি মন্তব্য প্ৰদান কৰি কাৰ্যালয়টোৰ পৰা পঠিয়াই দিয়ে সুনীল ওৰাঙক ৷ এই সমগ্ৰ ঘটনা ৰাজহুৱা হোৱাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত ৷ চক্ৰ বিষয়াগৰাকীৰ কোঠাৰ সন্মুখতে কাৰ্যালয়টোৰ দালাল ৰূপী কৰ্মচাৰীয়ে এজন বিশেষ ভাৱে সক্ষম ব্যক্তিক এনে দুব্যৱহাৰ কৰাৰ পাছতো বিষয়া গৰাকীয়ে মৌনতা প্ৰদৰ্শন কৰা কাৰ্যক সমালোচনা কৰিছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ মহানগৰীৰ লংকেশ্বৰত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details