অসম

assam

ETV Bharat / state

সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও - gorajan

ধৰ্মীয় বিভেদ আঁতৰাই যোৰহাট জিলাৰ গড়াজানৰ একেখন ঠাইতে স্থাপন হৈছে শ্মশান,কবৰস্থান আৰু চিমেত্ৰী ৷ ধৰ্মীয় বিভেদ আঁতৰাই অঞ্চলটোত বাস কৰা হিন্দু,মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মীয় লোকসকলে উমৈহতীয়াভাৱে সম্পন্ন কৰে মৃতকৰ শেষকৃত্য । মৃতকৰ সৎকাৰ কৰাৰ সময়ত উপস্থিত থাকে সকলো ধৰ্মাৱলম্বীৰ লোক।

special village in Jorhat carrying the message of reconciliation
সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও

By

Published : Nov 18, 2020, 5:55 PM IST

যোৰহাট,18নৱেম্বৰ: বৰ্তমান ৰাজ্যত বৃদ্ধি পাইছে ধৰ্মীয় হিংসা ৷ বহু সময়ে ধৰ্মক লৈ সমাজত সৃষ্টি হৈছে অৰাজকতা ৷ কিন্তু তেনে সময়তে ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি সমন্বয়ৰ বাৰ্তা বিলাই মানৱতাৰ জয়গান গালে বৰহোলাৰ গড়াজানবাসীয়ে । ক্ৰমান্বয়ে বৃদ্ধি পোৱা ধৰ্মীয় অসহিঞ্চুতাৰ,সাম্প্ৰদায়িকতাবাদৰ বিপৰীতে‌ একেখন ঠাইতে অঞ্চল বাসীয়ে স্থাপন কৰিলে শ্মশান,কবৰস্থান আৰু চিমেত্ৰী। হিন্দু,মুছলমান আৰু খ্ৰীষ্টিয়ান লোকে যুগ-যুগ ধৰি সহোদৰৰ দৰে বসবাস কৰি আহিছে এই বিশেষ ঠাইখনত ।

সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও

যোৰহাট জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তৰ বৰহোলাৰ এই অঞ্চলটোৰ নাম হৈছে গড়াজান। এই গড়াজানৰেই ১১ বিঘা ভূমিত প্ৰতিফলিত হৈছে সম্প্ৰীতিৰ এক অভূতপূৰ্ব নিদৰ্শন। এই বিশেষ ঠাইখনত হিন্দু,মুছলমান আৰু খ্ৰীষ্টিয়ান লোকে যুগ যুগ ধৰি বসবাস কৰি আহিছে ককাই-ভাইৰ দৰে । এই ভূমিখণ্ডত অঞ্চলটোৰ হিন্দু,মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মীয় লোকসকলে উমৈহতীয়াভাৱে সম্পন্ন কৰে মৃতকৰ শেষকৃত্য। মৃতকৰ সৎকাৰ কৰাৰ সময়ত উপস্থিত থাকে সকলো ধৰ্মাৱলম্বীৰ লোক ।

অন্য এক খবৰৰ বাবে: অন্ত পৰিল অপেক্ষাৰ:মুকলি হ'ল ডিব্ৰুগড় বাইপাছ

উল্লেখ্য যে,যিসময়ত উদ্দেশ্য প্ৰণোদিত ভাৱে একাংশ‌ লোকে ৰাজনৈতিক ন্যস্ত স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজখন কলুষিত কৰাৰ চেষ্টা চলাই আহিছে,সেই সময়তে গড়াজানবাসীৰ সম্প্ৰতিৰ নিদৰ্শনে আশাৰ বতৰা কঢ়িয়াইছে সমাজখনলৈ।

গড়াজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোঁফালে অৱস্থিত এই ঠাইখন এতিয়া সকলোৰে বাবে হৈ পৰিছে বিশেষ স্থান। ইয়াৰ বিশেষত্বটো হল,একেটা চাৰিসীমাৰ মাজতে হিন্দু,মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ শ্মশান আৰু কবৰস্থান অৱস্থিত ৷ মাজত নাই কোনো বেৰ,আছে কেৱল এটা সৰু নলা ৷

অন্য এক খবৰৰ বাবে:4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশন

ABOUT THE AUTHOR

...view details