যোৰহাট, 3 চেপ্তেম্বৰ:নৱপ্ৰজন্মৰ হ্ৰাৰ্টথ্ৰ’বজুবিন গাৰ্গৰ গীতসমূহৰ ভিতৰত অন্যতম এটি জনপ্ৰিয় গীত হৈছে পলিটিক্স নকৰিবা বন্ধু শীৰ্ষক গীতটি ৷ এই গীতটিৰ আধাৰতে যোৰহাটৰ গৌতম গোস্বামী নামৰ এগৰাকী যুৱকে কণ্ঠদান কৰিছে পলিটিক্স কৰি যোৱা বন্ধু শীৰ্ষক অন্য এটি গীতত ৷ যুৱকগৰাকীয়ে কণ্ঠদান কৰা গীতটি ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাত স্বাভাৱিকতে সৃষ্টি হৈছে এক জোঁৱাৰৰ ৷
এটা সংগীতে খলকনি তুলিছে ছ’চিয়েল মেডিয়াত
সামাজিক মাধ্যমত খলকনি সৃষ্টি যোৰহাটৰ যুৱকৰ ৷ পলিটিক্স কৰি যোৱা বন্ধু শীৰ্ষক এটি গীত ছ’চিয়েল মেডিয়াত উপস্থাপন কৰে যোৰহাটৰ যুৱক গৌতম গোস্বামীয়ে ৷
যোৰহাটৰ যুৱক গৌতম গোস্বামী
গীতটিৰ জৰিয়তে গৌতম গোস্বামীয়ে ৰাজনৈতিক দলত যোগদান কৰা শিল্পী, কলা-কুশলীসকলৰ দুমুখীয়া স্থিতিৰ বাবে থকা ক্ষোভ প্ৰকাশ কৰিছে । সম্প্ৰতি যুৱকগৰাকী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷