অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিলে এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে - Swachh Bharat Activity

প্ৰৱল ইচ্ছাশক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিছে তিতাবৰৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে । ব্যতিক্ৰমী কাৰ্যালয় এটা কাৰ্যালয় ৷ মাধপুৰ গাঁও পঞ্চায়তৰ এই ব্যতিক্ৰমী কাৰ্যালয়টো এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

a-panchayat-representative-has-made-the-prime-ministers-dream-of-a-swachh-bharat-a-reality-etv-bharat-assam-news
প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে

By

Published : Aug 9, 2021, 5:17 PM IST

তিতাবৰ, 9 আগষ্ট :সচৰাচৰ পঞ্চায়ত প্ৰতিনিধি তথা পঞ্চায়তৰ বিৰুদ্ধে প্ৰায়েই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হয় ৷ পিছে তিতাবৰত ইয়াৰ এক অন্য ৰূপ দেখিবলৈ পোৱা গৈছে ৷ সঠিক পৰিকল্পনা আৰু প্ৰৱল ইচ্ছাশক্তিৰ জড়িয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিছে তিতাবৰৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে । পঞ্চায়ত প্ৰতিনিধি গৰাকীৰ একাণপতীয়া প্ৰচেষ্টাৰ বাবেই এতিয়া যোৰহাট জিলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 87 নং মাধপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়টো ।

পঞ্চায়ত কাৰ্যালয়টোৰ আটক ধুনীয়া ৰূপ প্ৰতক্ষ্য কৰি স্বাভাৱিকতেই আপ্লুত হৈ পৰিব যিকোনো লোক । এগৰাকী পঞ্চায়ত প্ৰতিনিধি, এটা কাৰ্যালয় আৰু এক অনন্য সুন্দৰ পৰিবেশ । তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 87 নং মাধপুৰ গাঁও পঞ্চায়তৰ এই ব্যতিক্ৰমী কাৰ্যালয়টো এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সকলোৰে বাবে । পঞ্চায়ত কাৰ্যালয়টোৰ চৌহদৰ মনোৰম পৰিৱেশ আৰু পৰিস্কাৰ পৰিচন্নতাই যেন হাত বাউলি মাতে অঞ্চলবাসীক ।

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে

অৱশ্যে এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ মাধপুৰ পঞ্চায়তৰ কৰ্মোদ্যমী সভানেত্ৰী প্ৰিয়ংকা ফুকনৰ একাগ্ৰতা আৰু ইচ্ছাশক্তিৰ ফলতহে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সভানেত্ৰী প্ৰিয়ংকা ফুকনে দ্বায়িত্ব গ্ৰহণৰ দিনটোৰ পৰাই হাতত লৈছিল বিশেষ পৰিকল্পনা । সেই পৰিকল্পনা অনুসৰিয়েই সম্প্ৰতি এক অনন্য ৰূপ পাইছে মাধপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়টোৱে । কাৰ্যালয়টোৰ চৌহদত জকমকাই উঠিছে নানাৰঙী ফুলৰ বাগিচা, দেৱালত অংকন কৰা হৈছে বিভিন্ন সজাগতামূলক শ্ল’গান ।

ইতিমধ্যে সমগ্ৰ কাৰ্যালয়টোৰ মজিয়াত সংস্থাপন কৰা হৈছে টাইলচ । আটক ধুনীয়াকৈ সজাই তোলা হৈছে পঞ্চায়তৰ সভাগৃহটো । উল্লেখযোগ্য বিষয়টো হ'ল যে, পঞ্চায়ত কাৰ্যালয়টোৰ চাফ চিকুণতাৰ দিশটোত আনলৈ বাট নাচাই নিজেই দ্বায়িত্ব গ্ৰহণ কৰিছে সভানেত্ৰী প্ৰিয়ংকা ফুকনে । কাৰ্যালয় চৌহদ পৰিষ্কাৰ কৰা আৰু ফুলৰ বাগিচা চোৱাচিতা কৰাৰ সমস্ত দ্বায়িত্ব নিজেই মূৰ পাতি লৈছে সভানেত্ৰী প্ৰিয়ংকা ফুকনে ।

তাৰোপৰি, কাৰ্যালয়টোলৈ দৈনিক বিভিন্ন কামত অহা লোকৰ বাবে বিনামূলীয়াকৈ বিশুদ্ধ খোৱাপানী আৰু জেৰক্সৰ ব্যৱস্থাও কৰা হৈছে । যি সময়ত সততে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতি, অনিয়মৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰি আহিছে, সেই সময়তে প্ৰিয়ংকা ফুকনৰ দৰে প্ৰতিনিধিয়ে বিভাগটোৰ গৰিমা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । প্ৰিয়ংকা ফুকনৰ দৰে কৰ্মোদ্যমী পঞ্চায়ত প্ৰতিনিধিৰ আদৰ্শৰে বাট বুলিলে নিশ্চিতভাৱে গান্ধীজীৰ গ্ৰাম্য স্বৰাজৰ সপোনে এদিন সাৰ্থকতা লাভ কৰিছে ।

লগতে পঢ়ক :ATM ৰ ধন লুটিবলৈ গৈ চোৰৰ বিলৈ !

ABOUT THE AUTHOR

...view details