তিতাবৰত জন্ম হ'ল এটা নতুন ছাত্র সংগঠন - Sadau Assam Thengal Kashari Youth Council
ঠেঙাল জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু জনগোষ্ঠীটোৰ উন্নয়ন,শিক্ষা-দীক্ষা এই সকলো দিশ সামৰি সকলোৰে সম উন্নয়নক সাৰোগত কৰি তিতাবৰত ভূমিষ্ঠ হ'ল সদৌ অসম ঠেঙাল কছাৰী যুৱ পৰিষদ নামে এক অৰাজনৈতিক সংগঠন ৷
তিতাবৰ, 21 ডিচেম্বৰঃযোৰহাটৰতিতাবৰ ধলিত ঠেঙাল কছাৰী স্বাযত্ব শাসিত পৰিষদৰ ক্ৰীড়া প্ৰকল্পত জন্ম হ'ল সদৌ অসম ঠেঙাল কছাৰী যুৱ পৰিষদ নামে এটা নতুন অৰাজনৈতিক সংগঠনৰ । 16 জনীয়া কমিটিৰে গঠন কৰা হ'ল এই কেন্দ্ৰীয় সমিতি খন । ঠেঙাল জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু জনগোষ্ঠীটোৰ উন্নয়ন, শিক্ষা-দীক্ষা এই সকলো দিশ সামৰি সকলোৰে সম উন্নয়নক সাৰোগত কৰি তিতাবৰত ভূমিষ্ঠ হ'ল সদৌ অসম ঠেঙাল কছাৰী যুৱ পৰিষদ নামে এক অৰাজনৈতিক সংগঠন ৷
তিতাবৰ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন মুকলি সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল এই নতুন সংগঠনটোৰ নাম ৷ সংগঠনটোৰ কমিটি খনত মানৱজ্যোতি হাজৰিকাক সভাপতি,সম্পাদক মঞ্জিত হাজৰিকাক লৈ 16 জনীয়া কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয়।
পৰৱৰ্তী সময়ত জিলা আৰু আঞ্চলিক সমিতি সমূহ গঠন কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ বিষ়ববীয়া সকলক দায়িত্ব প্ৰদান কৰা হয়।
লগতে চাওকঃ দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন শিশু