অসম

assam

By

Published : Jun 18, 2020, 7:54 PM IST

ETV Bharat / state

যোৰহাটৰ গড়মূৰস্থিত জাৱৰ নিষ্কাষণ স্থানত স্থাপন কৰা হৈছে বিশেষ প্লান্ট

যোৰহাট গড়মূৰত থকা জাৱৰ নিষ্কাষণ স্থানত নতুনকৈ স্থাপন কৰা হৈছে এটা বিশেষ প্লান্ট ৷ যিয়ে দূৰ কৰিব যোৰহাটবাসীৰ বাবে সমস্যাস্বৰূপ হৈ অহা প্ৰদূষণৰ এক দীৰ্ঘদিনীয়া সমস্যা ৷

a new garbage project started in jorhat
a new garbage project started in jorhat

যোৰহাট, 18 জুনঃ দূৰ হ'ব যোৰহাটবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা ৷ যোৰহাট গড়মূৰত থকা জাৱৰ নিষ্কাষণ স্থানত নতুনকৈ স্থাপন কৰা হৈছে এটা বিশেষ প্লান্ট ৷ এই প্লান্টৰ জড়িয়তে চহৰখনৰ ১৯ টা ৱাৰ্ড আৰু দাতিকাষৰীয়া অঞ্চলৰ পৰা অহা দৈনিক বহু পৰিমাণৰ জাৱৰ বিভিন্ন ধৰণে পৃথকীকৰণ কৰি,সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণ কৰা হ'ব ৷ এই পদক্ষেপ গ্ৰহণ কৰে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট পৌৰসভাই ৷

যোৰহাটৰ গড়মূৰস্থিত জাৱৰ নিষ্কাষণ স্থানত স্থাপন কৰা হৈছে বিশেষ প্লান্ট

এই পদক্ষেপ গ্ৰহণেৰে দৈনন্দিন জাৱৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ পৰা সকাহ পাব যোৰহাট চহৰৰ জনতাই ৷ বিশেষকৈ দৈনিক জাৱৰ সমূহৰ পৰা বিশেষ প্লান্ট স্থানত পৃথকীকৰণ কৰি,পুনৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সমূহ বাচি উলিওৱাৰ লগতে কেঁচা সামগ্ৰী সমূহৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব ৷ এই বিশেষ প্লান্টটো আগন্তুক এমাহ বা দুমাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠি বুলি জানিবলৈ পৰা গৈছে ৷ আনহাতে এই সম্পূৰ্ণ ব্যৱস্থাৰ বাবে এটা স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃযোৰহাটৰ ৰাজপথত চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

ABOUT THE AUTHOR

...view details