অসম

assam

ETV Bharat / state

চিকিৎসক নাই, চকীদাৰ আছে দায়িত্বত ! - টীয়ক কাকজান হাস্পতাল

অভিযোগ অনুসৰি, টীয়কৰ কাকজান হাস্পতালত নিশা নাথাকে কোনো চিকিৎসক আৰু নাৰ্চ ৷ জৰুৰী চিকিৎসা আগবঢ়াই আহিছে দায়িত্বত থকা নৈশ চকীদাৰে ৷

জৰুৰীকালীন সেৱাত চিকিৎসক আৰু নাৰ্চ অবিহনে পৰিচালিত এখন চিকিৎসালয়

By

Published : Sep 13, 2019, 11:35 AM IST

টীয়ক, 13 ছেপ্তেম্বৰঃ চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ অভাৱত চকীদাৰে চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷ টীয়কৰ কাকজান হাস্পতালত জৰুৰীকালীন সেৱাত কোনো নৈশ ডাক্তৰ আৰু নাৰ্চ নথকা কথাটোৱে পুনৰবাৰ যেন স্বাস্থ্য বিভাগৰ ফোপোলা উন্নয়নৰ কথাকেই যেন প্ৰতিয়মান কৰিলে । বৃহস্পতিবাৰে নিশা ১০-৩০ বজাত চোলেইমান হুছেইন নামৰ আঘাতপ্ৰাপ্ত এজন ব্যক্তিক চিকিৎসাৰ বাবে কাকজান হাস্পতাললৈ আনিছিল পৰিয়ালৰ লোকে । সেইসময়ত চিকিৎসালয়ত উপস্থিত নাছিল কোনো চিকিৎসক । চিকিৎসালয়খনত থকা নৈশ চকীদাৰজনেই চিকিৎসা সেৱা আগবঢ়াই ব্যক্তিজনৰ । এই বিষয়ে নাৰ্চ আৰু ড্ৰেচাৰৰ সেৱা আগবঢ়োৱা চকীদাৰজনক প্ৰশ্ন কৰাত ডাক্তৰ ঘৰত আছে আৰু আহি আছে বুলি জানিবলৈ দিয়ে ৷ এই ঘটনাক টীয়কৰ ৰাইজে একেমুখে গৰিহণা দিছে ৷

জৰুৰীকালীন সেৱাত চিকিৎসক আৰু নাৰ্চ অবিহনে পৰিচালিত এখন চিকিৎসালয়

ABOUT THE AUTHOR

...view details