যোৰহাট, 7 ফেব্ৰুৱাৰী: মঙলবাৰে যোৰহাট জিলাৰ মৰিয়নী নকছাৰিৰ দেবেৰাপাৰ থানাৰ অন্তৰ্গত নাগিনীজান পুঠিনদী অঞ্চলৰ দিপালী কৰ্মকাৰৰ 5 জনীয়া পৰিয়ালটোৱে দীক্ষা গ্ৰহণ কৰে হিন্দু ধৰ্মত ৷ আৰ্য বৈষ্ণৱ সমাজ যোৰহাট জিলা সমিতিৰ মুখ্য পুৰোহিত দিনেশ্বৰ ৰায়ৰ ওচৰত দীক্ষা লৈ হিন্দু ধৰ্ম গ্ৰহণ কৰে পৰিয়ালটোৱে ৷ দিপালী কৰ্মকাৰৰ পৰিয়ালটোৱে জন্মগতভাৱে হিন্দু ধৰ্মৰে দীক্ষান্ত আছিল যদিও কেইটামান বছৰৰ পূৰ্বে পৰিয়ালটোক এটা চক্ৰই কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিছিল (Religious conversion in Jorhat) ৷
হিন্দু জনবসতিপূৰ্ণ উক্ত অঞ্চলটোৰ এটা পৰিয়ালক এইদৰে কৌশলেৰে হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ ঘটনাত উদ্যোগ প্ৰকাশ কৰে হিন্দু সমাজে ৷ স্থানীয় লোকৰ সহযোগত আৰু পৰিয়ালটোৰ আগ্ৰহত আজি পুনৰ বৈষ্ণৱ পুৰোহিতৰ সন্মুখত তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ খ্ৰীষ্টান ধৰ্মৰ গ্ৰাসৰ পৰাৰ ওলাই আহি পুনৰ জন্মগত হিন্দু ধৰ্মত দীক্ষিত হোৱাৰ পিচত পৰিয়ালটোৱে সুখী হোৱা বুলি মত প্ৰকাশ কৰে (Family converted from Christianity to Hinduism) ।
উল্লেখ্য যে, অতি পিচপৰা আৰু সহজ সৰল চাহ জনগোষ্ঠীৰ লগতে জনজাতীয় লোকসকলক নানা প্ৰলোভন দেখুৱাই তেওঁলোকৰ মাজত এটা চক্ৰই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত কৰি আহিছে । কিন্ত এইদৰে একাংশ সহজ সৰল লোকক চক্ৰটোৱে হিন্দু ধৰ্মৰ পৰা আঁতৰাই আনি অতি প্ৰলোভনে খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰি অহা কাৰ্যক ইতিপূৰ্বে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে ধিক্কাৰ প্ৰদান কৰা লগতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল (Religious Conversion in Assam) ।
দেখা গৈছে যে, কেৱল যোৰহাটতেই নহয়, নদী দ্বীপ মাজুলীৰো বহু জনগোষ্ঠীয় লোকক ইতিমধ্যে ধনৰ প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্মত দীক্ষিত পৰাৰ প্ৰক্ৰিয়া চলি আছে ৷ মাজুলীত বৰ্তমান সত্ৰতকৈ গীৰ্জাৰ সংখ্যা বৃদ্ধি পোৱা বুলি কেইবাগৰাকীও সত্ৰাধিকাৰে মত ব্যক্ত কৰি এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছে (Christianity aggression in Majuli) ৷ এই চক্ৰটোৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল ৷ বৃহৎ ধনৰ প্ৰলোভন দি এইসকল লোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া অতি সংগোপনে ৰাজ্যত চলি আহিছিল যদিও বৰ্তমান সময়ত এই চক্ৰান্ত ধৰা পৰিছে (Religious conversion in Majuli) ৷
ধৰ্মান্তকৰণৰ ক্ষেত্ৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এটা গোচৰ বিচাৰাধীন হৈ আছে ৷ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় সমূহতো এই বিষয়টোৰ সন্দৰ্ভত বহু গোচৰ চলি আছে ৷ শীৰ্ষ আদালতে মন্তব্য কৰিছিল যে, বলপূৰ্বক ধৰ্মান্তৰকৰণ এক “অতি গুৰুতৰ বিষয়” আৰু ই ধৰ্মৰ ক্ষেত্ৰত নাগৰিকৰ বিবেকৰ স্বাধীনতাৰ লগতে “দেশৰ নিৰাপত্তা”কো প্ৰভাৱিত কৰিব পাৰে (Supreme court judgement on religious conversion) ।