অসম

assam

ETV Bharat / state

এতিয়াও ৰহস্যত ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়াৰ কাৰণ

কি কাৰণে দিগন্ত তাঁতী নামৰ যুৱকজনে ডাঃ ৰাহুল বসুমতাৰীক হত্যা কৰিলে সেই বিষয় অধিক তদন্তৰ পাচতহে পোহৰলৈ আহিব বুলি উল্লেখ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে ৷

By

Published : Sep 6, 2020, 7:46 PM IST

ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়া
ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়া

যোৰহাট, 6 ছেপ্তেম্বৰ: শনিবাৰে নিশা যোৰহাটৰ চন্দন নগৰৰ ৪ নম্বৰ বাইলেনৰ এটা ভাড়াঘৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল জে.কে. শইকীয়া হমিঅ'পেথিক মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ মৃতদেহ ৷ সেই ঘটনাৰ 38 ঘণ্টা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই যোৰহাট আৰক্ষী জালত পৰিল হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত ৷ যোৰহাটৰ টোকোলাই গবেষণা কেন্দ্ৰ সমীপৰ পৰা দিগন্ত তাঁতী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পাচতেই ওলাই পৰে সকলো তথ্য ৷ অভিযুক্ত দিগন্তই নিজ মুখে স্বীকাৰ কৰে চিকিৎসক গৰাকীক হত্যা কৰাৰ কথা ৷

এতিয়াও ৰহস্যত ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়াৰ কাৰণ

প্ৰায়েই চিকিৎসক গৰাকীৰ ঘৰলৈ অহা-যোৱা চলিছিল অভিযুক্ত দিগন্ত তাঁতীৰ ৷ অভিযুক্তই প্ৰথমে চিকিৎসক গৰাকীক হত্যা কৰি তেওঁৰ মটৰ চাইকেলখনৰ লগতে, নগদ ২৭৮৫০ টকা, এটা ব্লুটুথ স্পিকাৰ, পাৱাৰ বেংক, দুটা ঘড়ী, কেমেৰাৰ লগতে বহু সামগ্ৰী লৈ উধাও হয় ৷ দেওবাৰে যোৰহাট সদৰৰ এগৰাকী লোকৰ ঘৰৰ ঘৰৰ পৰা আৰক্ষীয়ে বাইকসহ জব্দ কৰে অভিযুক্তই লৈ অনা সামগ্ৰী সমূহ ৷ আনহাতে অভিযুক্তৰ ঘৰত চলোৱা তালাচীত আৰক্ষীয়ে উদ্ধাৰ কৰে চিকিৎসকগৰাকীৰ কেমেৰাটো ৷ কি কাৰণে দিগন্ত তাঁতী নামৰ যুৱকজনে ডাঃ ৰাহুল বসুমতাৰীক হত্যা কৰিলে সেই বিষয় অধিক তদন্তৰ পাচতহে পোহৰলৈ আহিব বুলি উল্লেখ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে ৷

লগতে পঢ়ক:চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্য়াকাৰী আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details